মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Mizoram Border: অসম-মিজোৰাম সীমান্তত সংঘৰ্ষ, প্ৰাণ হেৰুৱালে অসমৰ ৬গৰাকী জোৱানে...

Assam-Mizoram Border: অসম-মিজোৰাম সীমান্তত সংঘৰ্ষ, প্ৰাণ হেৰুৱালে অসমৰ ৬গৰাকী জোৱানে...

Kokil Sarma | News18-Assam
Updated:July 26, 2021, 7:49 PM IST
Assam-Mizoram Border: অসম-মিজোৰাম সীমান্তত সংঘৰ্ষ, প্ৰাণ হেৰুৱালে অসমৰ ৬গৰাকী জোৱানে...
file image

অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত যুদ্ধসদৃশ পৰিস্থিতি। সীমান্তত গুলীচালনাত প্ৰাণ হেৰুৱাইছে অসমৰ ৬গৰাকী জোৱানে। টুইটাৰযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত যুদ্ধসদৃশ পৰিস্থিতি। সীমান্তত মিজো দুৰ্বৃত্তৰ গুলীচালনাত প্ৰাণ হেৰুৱাইছে অসমৰ ৬গৰাকী জোৱানে। টুইটাৰযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

টুইটযোগে এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাত  শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

ঘটনাস্থলীলৈ ৰাওনা হৈছে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু পৰিমল শুক্লবৈদ্য। এতিয়াও অসম-মিজোৰাম সীমান্ত উত্তপ্ত হৈ আছে। অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে অৰ্ধশতাধিক লোক। আহতসকল চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
Published by: Kokil Sarma
First published: July 26, 2021, 7:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি