কাৰ কথা কোনে শুনে ! অসম মিজোৰাম সীমান্ত সমস্যাৰ সমাধানত ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰ চৰকাৰ, সকলোৱে চেষ্টা চলোৱাৰ পিছতো মিজোৰামে অব্যাহত ৰাখিছে অসমৰ ভূমি বেদখল । নতুনকৈ অসমৰ ভূমিত মিজোৰামে আন ১০ কিলোমিটাৰ পথ নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে । হাইলাকান্দি বন বিভাগে ড্ৰোনেৰে চলোৱা নিৰীক্ষণত পোহৰলৈ আহে এই নতুন পথটো । মিজোৰামৰ বুছাঙ ( BUSANG ) এলেকাৰ পৰা হাইলাকান্দি জিলাৰ হাতিছেড়া ( Haticherra ) এলেকালৈকে নিৰ্মাণ কৰিছে এইটো পথ ।
News in Assameseএই তথ্য পোহৰলৈ অহাৰ পিছতে আজি হাইলাকান্দিৰ বন বিষয়া, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশাল এটা দল ঘটনাস্থলীত উপস্হিত হয় । তেওঁ লোকে পথৰ নিৰ্মাণ কাৰ্য প্ৰত্যক্ষ কৰিলে, এয়া স্থানীয় কৃষক সকলোৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হৈছে বুলি হাস্যকৰ যুক্তি তুলি ধৰে একাংশ মিজো লোকে ।
Assam News Todayইপিনে, আজি নতুন দিল্লীত অসম মিজোৰামৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক চলাৰ সময়তো মিজোৰামে বেদখল চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে । কাটলিছেড়া সমষ্টিৰ ২৫ শতাংশ ভূমি মিজোৰামৰ দখলত আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক গৰাকীয়ে । লগতে আজি বৈঠকত সীমান্ত সমস্যাৰ স্থায়ী সমাধান দাবী কৰে বিধায়ক গৰাকীয়ে । আৰু স্থায়ী সমাধান হোৱালৈকে দুই ৰাজ্যৰ সীমান্তত সকলো প্ৰকাৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখাৰ দাবী জনাইছে বিধায়ক সুজাম উদ্দিন লস্কৰে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|