• Home
  • »
  • News
  • »
  • assam
  • »
  • শীঘ্ৰেই অন্ত পৰিব অসম-মিজোৰাম সীমা সমস্যাৰ, বিবাদৰ নিষ্পত্তিৰ বাবে অহৰহ কাম কৰি আছে চৰকাৰে: জয়ন্ত মল্ল বৰুৱা

শীঘ্ৰেই অন্ত পৰিব অসম-মিজোৰাম সীমা সমস্যাৰ, বিবাদৰ নিষ্পত্তিৰ বাবে অহৰহ কাম কৰি আছে চৰকাৰে: জয়ন্ত মল্ল বৰুৱা

অতি সোনকালে মিজোৰামৰ সৈতে অসমৰ সীমা বিবাদৰ নিষ্পত্তি হ'ব । ৰাজ্য চৰকাৰে উত্তৰ পূব ভাৰতৰ সকলো ৰাজ্যৰ মাজতে চলা বিবাদৰ নিষ্পত্তিৰ বাবে অহৰহ কাম কৰি আছে ।

অতি সোনকালে মিজোৰামৰ সৈতে অসমৰ সীমা বিবাদৰ নিষ্পত্তি হ'ব । ৰাজ্য চৰকাৰে উত্তৰ পূব ভাৰতৰ সকলো ৰাজ্যৰ মাজতে চলা বিবাদৰ নিষ্পত্তিৰ বাবে অহৰহ কাম কৰি আছে ।

অতি সোনকালে মিজোৰামৰ সৈতে অসমৰ সীমা বিবাদৰ নিষ্পত্তি হ'ব । ৰাজ্য চৰকাৰে উত্তৰ পূব ভাৰতৰ সকলো ৰাজ্যৰ মাজতে চলা বিবাদৰ নিষ্পত্তিৰ বাবে অহৰহ কাম কৰি আছে ।

  • Share this:
অতি সোনকালে মিজোৰামৰ সৈতে অসমৰ সীমা বিবাদৰ নিষ্পত্তি হ'ব । ৰাজ্য চৰকাৰে উত্তৰ পূব ভাৰতৰ সকলো ৰাজ্যৰ মাজতে চলা বিবাদৰ নিষ্পত্তিৰ বাবে অহৰহ কাম কৰি আছে । ইতিমধ্যে মেঘালয় আৰু অৰুণাচলৰ সৈতে থকা বিবাদ নিষ্পত্তি হৈছে । অনুৰূপ ভাবে মিজোৰামৰ সৈতে চলা বিবাদৰো নিষ্পত্তিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে ।

মঙ্গলবাৰে হাইলাকান্দিত ভাৰতীয় জনতা যুব মৰ্চাই আয়োজন কৰা কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত যোগদান কৰি এই মন্তব্য ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আৰু স্কিল ডেভেলপমেন্ট বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

মঙ্গলবাৰে দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ জুন মাহত কাৰ্গিলত পাকিস্তান সেনাৰ সৈতে হোৱা ভাৰতীয় সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে একে বৰ্ষৰে ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজ্জা। সেই দিন ধৰি উক্ত দিনটো প্ৰতিবছৰে পালন কৰি অহা হৈছে কাৰ্গিল বিজয় দিৱস হিচাপে। এই উপলক্ষ্যে হাইলাকান্দিত ভাৰতীয় জনতা যুব মৰ্চাই আয়োজন কৰে এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ । অনুষ্ঠানত যোগদানৰ পিছতে কাছাৰ জিলাৰ লায়লাপুৰৰ মিজোৰামৰ সৈতে সংঘাতত শ্বহীদ হোৱা অসম আৰক্ষীৰ জোৱ‍ান সকলক শ্ৰদ্ধা জনাই ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মিজোৰামৰ সৈতে চলা বিবাদ খুব সোনকালে নিষ্পত্তি হ'ব বুলি ঘোষণা কৰে । লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মী সকলৰ সন্দৰ্ভত মন্তব্য কৰি বিভাগীয় মন্ত্ৰী গৰাকীয়ে কয়, যি সকল কৰ্মীয়ে সক্ৰিয়ভাবে পানীৰ যোগান ধৰি আহিছে কেৱল মাত্ৰ সেই সকলোকে নিয়মিতভাবে মাননী প্ৰদান কৰা হ'ব ।  সক্ৰিয় কৰ্মী সকলক অহা মাহতে এনগেজমেন্ট লেটাৰ আৰু ৬৫০০ টকা মাননি প্ৰদান কৰা হ'ব বুলিও জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
Published by:Kokil Sarma
First published: