মুখ্যপৃষ্ঠা »খবৰ »অসম »‍Border Festival in Hailakandi : হাইলাকান্দিত অসম-মিজোৰাম সীমান্ত উৎসৱ, সম্প্ৰীতি কামনাৰে নৃত্যত অংশ ল'লে দুই ৰাজ্যৰ উপায়ুক্ত আৰু আৰক্ষী বিষয়াই

‍Border Festival in Hailakandi : হাইলাকান্দিত অসম-মিজোৰাম সীমান্ত উৎসৱ, সম্প্ৰীতি কামনাৰে নৃত্যত অংশ ল'লে দুই ৰাজ্যৰ উপায়ুক্ত আৰু আৰক্ষী বিষয়াই

অসম চৰকাৰৰ ফালৰ পৰা মিজোৰামৰ লগতে শান্তি আৰু ভাতৃত্ববোধ উন্নত কৰাৰ প্ৰচেষ্টা

অসম চৰকাৰৰ ফালৰ পৰা মিজোৰামৰ লগতে শান্তি আৰু ভাতৃত্ববোধ উন্নত কৰাৰ প্ৰচেষ্টা

  • Share this:

হাইলাকান্দিত আয়োজন কৰা হৈছে অসম-মিজোৰাম সীমান্ত উৎসৱ। উৎসৱত কঁকাল ভাঙি নাচিলে হাইলাকান্দি আৰু মিজোৰামৰ দুই উপায়ুক্ত আৰু আৰক্ষী বিষয়াসকলে। যোৱ‍া কেইটামান বছৰৰ পৰা অসম আৰু পাৰ্শ্বৱৰ্তী ৰাজ্য মিজোৰামৰ মাজত সম্পৰ্কৰ যথেষ্ট অৱনতি হৈছিলে।


দুই ৰাজ্যৰ মাজত থকা সীমান্ত সমস্যাক কেন্দ্ৰ কৰি ২০২১ চনতে কাছাৰ জিলাৰ সীমান্তত সংঘটিত হৈছিল এক ৰক্তক্ষয়ী সংঘাত। ইয়াৰ পিছৰ পৰা কেন্দ্ৰীয় চৰকাৰ তথা কেন্দ্ৰীয় গৃহ বিভাগে দুই ৰাজ্যৰ সম্পৰ্ক উন্নতি কৰাৰ বাবে যথেষ্ট চেষ্টা কৰিছে। ইপিনে, অসম চৰকাৰৰ ফালৰ পৰা মিজোৰামৰ লগতে শান্তি আৰু ভাতৃত্ববোধ উন্নত কৰাৰ বাবে হাইলাকান্দি জিলাৰ আন্তঃৰাজ্য সীমান্তত আয়োজন কৰা হৈছে "সীমান্ত উৎসৱৰ"।


এই অনুষ্ঠানত দুই ৰাজ্যৰ বিভিন্ন পৰম্পৰাগত বিপণী আদিৰ আয়োজন কৰা হয়। লগতে আয়োজন কৰা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ। আজি এই সীমান্ত উৎসৱৰ অন্তিম দিনত বিশিষ্ট অতিথি হিচাপে উপস্থিত হয় মিজোৰামৰ উপায়ুক্ত জন এল টি চাংগাসহ মিজোৰামৰ বিভিন্ন বিষয়াসকল। লগতে উপস্থিত আছিল হাইলাকান্দিৰ জিল‍া উপায়ুক্ত হিভাৰে নিসৰ্গ, কাটলিছেৰা সমষ্টিৰ বিধায়ক চুজাম উদ্দিন লস্কৰসহ জিলাখনৰ আন বিশিষ্ট ব্যক্তিসকল।


অনুষ্ঠানৰ শেষত  মিজো গানৰ তালে তালে কঁকাল ভাঙি নাচে হাইলাকান্দি আৰু মিজোৰামৰ কলাসীব জিল‍াৰ দুই উপায়ুক্ত আৰু আৰক্ষী বিষয়াসকলে। লগতে চামিল হয় কাটলিছেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰে। ইপিনে, এনে অনুষ্ঠানে দুই ৰাজ্যৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰিব বুলি মন্তব্য কৰে দুই জিলা উপায়ুক্তই।

শেহতীয়া বাতৰি