• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Mizoram Border: অসমৰ ভূমিত পুনৰ মিজোৰামৰ আগ্ৰাসন! অসমৰ ভুমিত মিজোলোকে সাজিলে ঘৰ

Assam-Mizoram Border: অসমৰ ভূমিত পুনৰ মিজোৰামৰ আগ্ৰাসন! অসমৰ ভুমিত মিজোলোকে সাজিলে ঘৰ

হাইলাকান্দি (Hailakandi) জিলাৰ কাটলিছেড়া সমষ্টিৰ কচুৰথল অঞ্চলৰ চাহেবমাৰা এলেকাত দুটাকৈ বাসগৃহ নিৰ্মাণ কৰিলে মিজোৱে।

হাইলাকান্দি (Hailakandi) জিলাৰ কাটলিছেড়া সমষ্টিৰ কচুৰথল অঞ্চলৰ চাহেবমাৰা এলেকাত দুটাকৈ বাসগৃহ নিৰ্মাণ কৰিলে মিজোৱে।

হাইলাকান্দি (Hailakandi) জিলাৰ কাটলিছেড়া সমষ্টিৰ কচুৰথল অঞ্চলৰ চাহেবমাৰা এলেকাত দুটাকৈ বাসগৃহ নিৰ্মাণ কৰিলে মিজোৱে।

  • Share this:
পুনৰ উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হৈছে অসম-মিজোমাৰ সীমান্ত (Assam-Mizoram Border Dispute)ত । এইবাৰ অসমৰ মাটিত মিজোলোকে নিৰ্মাণ কৰিলে দুটাকৈ বাসগৃহ । হাইলাকান্দি (Hailakandi) জিলাৰ কাটলিছেড়া সমষ্টিৰ কচুৰথল অঞ্চলৰ চাহেবমাৰা এলেকাত দুটাকৈ বাসগৃহ নিৰ্মাণ কৰিলে মিজোৱে।

বহু মুল্যৱান শেগুন গছ কাটি নিৰ্মাণ কৰিলে দুটাকৈ বাসগৃহ । ঘটনাৰ খবৰ পাই আজি হাইলাকান্দি আৰক্ষীৰ এটা দল এই স্থানত উপস্থিত হয় । ৰামনাথপুৰ আৰক্ষী চকিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষী দলটোয়ে এটা ঘৰ উচ্ছেদ কৰিবলৈ সক্ষম হয় । কিন্তু দ্বিতীয়টো গৃহ ভাঙিবলৈ যোৱাত বাধাৰ সৃষ্টি কৰে মিজোৱে । বৃহৎ সংখ্যক মিজোলোকৰ এই বাধাত উভতি আহিব লগা হয় হাইলাকান্দি আৰক্ষীৰ দল।

ইপিনে হাইলাকান্দি আৰক্ষী (Hailakandi Police)ৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে এই সন্দৰ্ভত মন্তব্য আগঢ়াৰাই কয়, যোৱা ১৫ দিনৰ আগতে হাইলাকান্দি আৰক্ষী প্ৰশাসন  আৰু মিজোৰামৰ আৰুক্ষী প্ৰশাসন লগত এক আলোচনাতো মিলিত হৈছিল। কিন্তু সীমান্ত সমস্যাকলৈ কোন আলোচনা হোৱা নাই এইখন প্ৰশাসনিক আলোচনাত। কেৱল দুয়োখন ৰাজ্যৰ খেতিয়ক সকলৰ সমস্যাক লৈহে আলোচনা হৈছিল ।

লগতে তেওঁ কয় যে আজি এটা ঘৰ ভাঙি পেলোৱা হৈছে আৰু দ্বিতীয় ঘৰটো মিজোৰামৰ আৰক্ষীয়ে ভঙাৰ বাবে ২ দিন সময় লয় । বৰ্তমানেও অসম আৰক্ষীৰ এটা দল এই স্থানত বাহৰ পাতি আছে বুলি জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে । এই ঘটনাক কেন্দ্ৰ কৰি আকৌ সিমান্ত এলেকাত আৰম্ভ হৈছে তীব্ৰ উত্তেজনা।  
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি