মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'অসম-মিজোৰাম সীমান্তত হোৱা হিংসাত্মক ঘটনাৰ আঁৰত চীনৰ হাত'- ৰহস্যজনক ফটো দেখুৱাই এই দাবী কৰিলে AIUDFৰ বিধায়ক সুজাম উদ্দিনে

'অসম-মিজোৰাম সীমান্তত হোৱা হিংসাত্মক ঘটনাৰ আঁৰত চীনৰ হাত'- ৰহস্যজনক ফটো দেখুৱাই এই দাবী কৰিলে AIUDFৰ বিধায়ক সুজাম উদ্দিনে

News18 Assam | News18-Assam
Updated:July 29, 2021, 12:45 PM IST
'অসম-মিজোৰাম সীমান্তত হোৱা হিংসাত্মক ঘটনাৰ আঁৰত চীনৰ হাত'- ৰহস্যজনক ফটো দেখুৱাই এই দাবী কৰিলে AIUDFৰ বিধায়ক সুজাম উদ্দিনে
এজন ভাৰতীয়ই আনজনক গুলিয়াই মাৰাৰ কথা চিন্তাও কৰিব নোৱাৰেঃ সুজাম উদ্দিন

এজন ভাৰতীয়ই আনজনক গুলিয়াই মাৰাৰ কথা চিন্তাও কৰিব নোৱাৰেঃ সুজাম উদ্দিন

  • Share this:
'অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষীয়ে চলোৱা আক্ৰমণৰ আঁৰত আছে বৰ্হিৰাষ্ট্ৰৰ হাত।  প্ৰতিবেশী চীনৰ সহায়ত মিজোৰামে চলাইছিল অসমীয়া আৰু অসম আৰক্ষীৰ ওপৰত আক্ৰমণ।'- লাইলাপুৰত সংঘটিত হোৱা হিংসাত্মক কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য আগবঢ়াই কাটলিচেড়াৰ AIUDFৰ বিধায়ক সুজাম উদ্দিন লস্কৰে।

বৃহস্পতিবাৰে হাইলাকান্দিত এখন সংবাদমেল সম্বোধন কৰি বিধায়ক সুজাম উদ্দিনে মিজোৰামৰ আগ্ৰাসী মনোভাবে পিছত চীনৰ সহযোগিতা আছে বুলি উল্লেখ কৰে। লগতে কেইখনমান ফটো দেখুৱাই অন্য এক ৰহস্যৰ উদঘাটন কৰে বিধায়কজনে। বিধায়কজনে দেখুওৱা ফটোত  দেখা গৈছে যে, মিজোৰামৰ বিভিন্ন প্ৰান্তত চীনৰ সমৰ্থনত বিভিন্ন বেনাৰ পোষ্টাৰসহ ওলাই আহিছে একাংশ মিজো লোক। লগতে মিজোৰামৰ প্ৰায় সকলো লোকৰ ঘৰতে চীনৰ পৰা অহা অত্যাধুনিক মাৰানস্ত্ৰ থকা বুলিও বিস্ফোৰক অভিযোগ কৰে বিধায়কজনে। আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লাইলাপুৰ কাণ্ডৰ বিৰুদ্ধে CBI তদন্ত কৰিলে সকলো ৰহস্য পোহৰলৈ আহিব বুলিও দাবী কৰে  AIUDFৰ বিধায়কজনে।



আনফালে  মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই ( K Vanlalvena ) কৰা অসাংবিধানিক মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক সুজাম উদ্দিনে কয়, 'এইসকলৰ মন্তব্যৰ পৰাই পৰিলক্ষিত হয় যে, তেওঁলোক কেৱল মাত্ৰ নামেৰে ভাৰতীয় । নহ'লে এজন ভাৰতীয়ই আনজনক গুলিয়াই মাৰাৰ কথা চিন্তাও কৰিব নোৱাৰে।'
Published by: Himangshu Bhuyan
First published: July 29, 2021, 12:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি