সপোন আছিল অসম লোকসেৱা আয়োগৰ পৰীক্ষা দি এ পি এছ বিষয়া হোৱাৰ। এই চেষ্টাত ২০১৩ চনতে পাছ কৰিছিল বি কম পৰীক্ষা। কিন্তু ভাগ্যৰ পৰিহাস অথবা দায়িত্বৰ খাতিৰত চিপাহী হিচাপে যোগদান কৰিব লগা হৈছিল অসম আৰক্ষীত। আৰু কালি কাছাৰ আৰক্ষী অধীক্ষকক নিৰাপত্তা দিবলৈ গৈ মৃত্যুক সাৱটি ল'লে এইগৰাকী মেধাৱী যুৱকে।
যুৱকজনৰ নাম লিটন শুক্লবৈদ্য। বয়স মাত্ৰ ২৮ বছৰ। ২০১৩ চনত ২১ নম্বৰ আই আৰ বেটেলিয়নত কনষ্টবল হিচাপে যোগদান কৰিছিল তেওঁ। যোৱা কেইবামাহৰ পৰা কাছাৰ আৰক্ষী অধীক্ষকৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বত আছিল লিটন শুক্লবৈদ্য। কিন্তু দুই ৰাজ্যৰ সীমা বিবাদৰ বাবে যোৱা সোমবাৰে কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰাম আৰক্ষীয়ে চলোৱা আক্ৰমণত আন ৪ গৰাকী আৰক্ষী জোৱানৰ সৈতে গুলীবিদ্ধ হৈ মৃত্যু হয় লিটনৰ।
শ্বহীদ লিটন শুক্লবৈদ্যৰ পিতা প্ৰয়াত স্বপন শুক্লবৈদ্যও আছিল অসম আৰক্ষীৰ এগৰাকী চিপাহী। ২০১২ চনত কাছাৰ জিলাৰ শালচাপৰাত ডকাইতৰ গুলীত নিহত হৈছিল লিটনৰ পিতৃ স্বপন শুক্লবৈদ্য । বৰ্তমান বিধৱা মাতৃ, জ্যেষ্ঠ ভাতৃ আৰু বিবাহিত ভগ্নী আছে লিটনৰ ঘৰত। দেশৰ বাবে কৰ্তব্য পালনত স্বামীৰ পিছতে পুত্ৰক হেৰুৱাই ভাঙি পৰিছে লিটন শুক্লবৈদ্যৰ মাতৃ লক্ষ্মীৰাণী শুক্লবৈদ্য।
উল্লেখ্য, কালি কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰামৰ আক্ৰমণত শ্বহীদ হৈছে ৫ গৰাকী আৰক্ষী জোৱান। ইয়াৰ ভিতৰত আছে হাইলাকান্দি জিলাৰ তিনিগৰাকী জোৱান । হাইলাকান্দি চহৰৰ ৯ নম্বৰ ৱাৰ্ডৰ স্বপন ৰায়, কাটলিছেৰা কৃষ্ণপুৰ গাঁওৰ চামচুজ্জামান বৰভূঞা আৰু আলগাপুৰৰ ভাটিৰকুপা গাঁওৰ লিটন শুক্লবৈদ্য।
কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দেহৰক্ষীৰ দায়িত্বত নিয়োজিত আছিল লিটন শুক্লবৈদ্য। কিন্তু মিজোৰ আক্ৰমণৰ পৰা আৰক্ষী অধীক্ষকক বচাবলৈ গৈ গুলীবিদ্ধ হৈ মৃত্যু হয় লিটন শুক্লবৈদ্যৰ। বৰ্তমান এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে শ্বহীদ জোৱান লিটন শুক্লবৈদ্যৰ ঘৰত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|