உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Last farewell of Martyrs: অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় হাইলাকান্দি জিলাৰ তিনি আৰক্ষী জোৱানক

    Last farewell of Martyrs: অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় হাইলাকান্দি জিলাৰ তিনি আৰক্ষী জোৱানক

    গুলীবিদ্ধ হৈ মৃত্যু হোৱা ৫ জোৱানৰ ৩ গৰাকী আছিল হাইলাকান্দি জিলাৰ।

    গুলীবিদ্ধ হৈ মৃত্যু হোৱা ৫ জোৱানৰ ৩ গৰাকী আছিল হাইলাকান্দি জিলাৰ।

    গুলীবিদ্ধ হৈ মৃত্যু হোৱা ৫ জোৱানৰ ৩ গৰাকী আছিল হাইলাকান্দি জিলাৰ।

    • Share this:

    অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনোৱা হ'ল মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত শ্বহীদ হাইলাকান্দি জিলাৰ তিনি আৰক্ষী জোৱানক। কালি কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰাম আৰক্ষীৰ আক্ৰমণত শ্বহীদ হৈছিল ৫গৰাকী আৰক্ষী জোৱান। ইয়াৰ ভিতৰত তিনিগৰাকীয়ে  আছিল হাইলাকান্দি জিলাৰ।


    এই তিনিগৰাকী হ'ল হাইলাকান্দি চহৰৰ ৯ নম্বৰ বাৰ্ডৰ স্বপন ৰয়, আলগাপুৰ বাসবাড়ী গাঁৱৰ লিটন শুক্লবৈদ্য আৰু কাটলিছেড়া কৃষ্ণপুৰ গাঁৱৰ চামচুজ্জামান বৰভূঞা। আজি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত তিনিওগৰাকীৰ নশ্বৰ দেহ লৈ অহা হয় হাইলাকান্দি জিলাৰ কাটলিছেড়াত থকা ২১ আই আৰ বেটেলিয়নৰ কেম্পত। তাতে শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰি আৰু গাৰ্ড অফ অ'নাৰ প্ৰদান কৰি তিনি শ্বহীদক শেষ বিদায় জনোৱা হয়।


    ইয়াৰ পৰাই জোৱানসকলৰ নিজ নিজ ঘৰলৈ প্ৰেৰণ কৰা হয় মৃতদেহ।
    কাটলিছেড়া সমষ্টিৰ কৃষ্ণপুৰত থকা চামচুজ্জামান বৰভূঞাৰ ঘৰত শেষ বিদায় জনাবলৈ উপস্থিত আছিল স্থানীয় বিধায়ক চুজাম উদ্দিন লস্কৰ। ইপিনে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে উপস্থিত থাকি শেষ বিদায় জনায় ভাটিৰকুপা গাঁৱৰ নিহত জোৱান লিটন শুক্লবৈদ্যক।


    আনফালে হাইলাকান্দি চহৰৰ ৯ নম্বৰ ৱাৰ্ডৰ নিহত উপ-পৰিদৰ্শক স্বপন ৰায়ৰ মৃতদেহ তেওঁৰ নিজ বাসগৃহ আহি পোৱাৰ লগে লগে শেষ বিদায় জনোৱাৰ বাবে উপস্হিত হয় হাজাৰ হাজাৰ লোক। পিছতে তেওঁৰ ঘৰৰ পৰা এক সমদল উলিয়াই মৃতদেহ লৈ যোৱা হয় হাইলাকান্দিৰ শান্তিবন মহাশ্মশানত। তাতে নিহত স্বপন ৰায়ৰ শেষকৃত্য সম্পন্ন হয়।


    উল্লেখ্য, কালি কাছাৰ জিলাৰ লাইলাপুৰত প্ৰতিবেশী ৰাজ্য মিজোৰামৰ আৰক্ষী আৰু একাংশ দুৰ্বৃত্তই চলোৱা আক্ৰমণত গুলীবিদ্ধ হৈ মৃত্যু হৈছিল অসম আৰক্ষীৰ ৫ গৰাকী জোৱানৰ। ইয়াৰ ভিতৰত আছিল হাইলাকান্দি জিলাৰ তিনি আৰক্ষী জোৱান। হাইলাকান্দি চহৰৰ ৯ নম্বৰ ৱাৰ্ডৰ স্বপন ৰয়, আলগাপুৰ বাসবাড়ী গাঁৱৰ লিটন শুক্লবৈদ্য আৰু কাটলিছেড়া কৃষ্ণপুৰ গাঁৱৰ চামচুজ্জামান বৰভূঞা।

    Published by:Gautam Barman
    First published: