অসম-মিজোৰামৰ অগ্নিগৰ্ভা সীমা বিবাদৰ আশু মীমাংসাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পাঁচ আগষ্টত মিজোৰামলৈ ৰাওনা হ'ব মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী অশোক সিংহল৷ দুই মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বাৰ্তা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক দিব আৰু সীমা বিবাদ নিষ্পত্তিৰ বাবে আলোচনাত মিলিত হ'ব৷
লাইলাপুৰ৷ অসম-মিজোৰাম সীমান্তৰ এই লাইলাপুৰত এতিয়া সমগ্ৰ দেশৰ চকু৷ অতৰ্কিতে আৰু অতি বৰ্বৰোচিতভাৱে এই লাইলাপুৰতে বিগত ২৬ জুলাইত গুলীচালনা কৰি হত্যা কৰিছিল অসম আৰক্ষীৰ ছয়জন বিষয়া-জোৱানক৷ গুলীবিদ্ধ হৈছিল অৰ্ধশতাধিক আৰক্ষী আৰু অসামৰিক লোক৷
ইয়াৰ পিছৰখিনিত বহু ঘটনা পৰিঘটনা ঘটি গ'ল৷ মিজো আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি ছয় শীৰ্ষ আৰক্ষী বিষয়া আৰু কাছাৰৰ উপায়ুক্তৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ৷ সংসদ ভৱনৰ চৌহদত মিজোৰামৰ সাংসদ কে ভানলালভেনাই সীমান্ত প্ৰৱেশ কৰিলে সকলো অসম আৰক্ষীক গুলীয়াই মাৰিব বুলিও ঘোষণা কৰিছিল৷ যাৰ বাবে অসম আৰক্ষীৰ CIDয়ে নতুন দিল্লীলৈ গৈ বিচাৰি চলাথ কৰিছিল সাংসদ ভানলালভেনাক৷ কিন্তু অসম আৰক্ষীয়ে বিচাৰি নাপালে সাংসদ ভানলালভেনাক৷
ইয়াৰ পিছত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হস্তক্ষেপত কিছু নৰম হ'বলৈ বাধ্য হয় মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা৷ প্ৰত্যাহাৰ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ৷ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো মিজো সাংসদ আৰু আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰৰ বাবে দিলে নিৰ্দেশ৷
এনেদৰে পৰ্যায়ক্ৰমে অগ্নিগৰ্ভা পৰিস্থিতি উন্নতি হোৱাৰ সময়ে সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুই মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহলক মিজোৰামলৈ যোৱাৰ বাবে নিৰ্দেশ দিয়ে৷ এই হিচাপত পাঁচ আগষ্টত মিজোৰামলৈ ৰাওনা হ'ব মন্ত্ৰী অতুল বৰা অশোক সিংহল৷ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বাৰ্তা লৈ আইজলত উপস্থিত হৈ দুই মন্ত্ৰীয়ে আলোচনাত মিলিত হ'ব মিজো মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতে৷ কেনেদৰে আলোচনাৰ মাজেৰে অগ্নিগৰ্ভা আৰু দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি কৰিব পৰা যাব, সেই বিষয়ত দুয়ো পক্ষই প্ৰাথমিক পৰ্যায়ত আলোচনাত মিলিত হ'ব৷
উল্লেখযোগ্য যে লাইলাপুৰ সীমান্তত গুলীবিদ্ধ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা সকলৰ খবৰ লৈ মঙলবাৰে মন্ত্ৰী অশোক সিংহলে মিজোৰামৰ বিৰুদ্ধে অসমত কোনো অৰ্থনৈতিক অৱৰোধ কৰা নাই বুলি সদৰি কৰে৷
সম্প্ৰতি মিজোৰাম সীমান্তত CRPFয়ে বাঁহৰ পাতি আছে আৰু কোনো যুদ্ধৰ পৰিৱেশ নাই৷ কিন্তু উভয় চৰকাৰে সীমা বিবাদৰ বিষয়ত আদালতৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|