কাছাৰৰ অতিৰিক্ত উপায়ুক্ত কল্যাণ কুমাৰ দাসে জাৰি কৰিছে এই চমন।
কাছাৰৰ অতিৰিক্ত উপায়ুক্ত কল্যাণ কুমাৰ দাসে জাৰি কৰিছে এই চমন।
২৬ জুলাইত মিজোৰাম সীমান্ত সংঘটিত হোৱা ঘটনাক লৈ ক্ৰমান্বয়ে কঠোৰ হৈছে অসম। প্ৰথমে মিজোৰাম ভ্ৰমণ প্ৰত্যাহাৰ কৰিবলৈ জনোৱা আহ্বানৰ পিছতে এইবাৰ অসম আৰক্ষীয়ে মিজোৰামৰ ৬গৰাকী প্ৰশাসনিক বিষয়ালৈ জাৰি কৰিছে চমন। ২ আগষ্টৰ পুৱা ১১ বজাত মিজোৰাম চৰকাৰৰ ছয়গৰাকী প্ৰশাসনীয় বিষয়াক ধলাই আৰক্ষী থানাত হাজিৰ হ’বলৈ চমন প্ৰেৰণ কৰা হৈছে। কাছাৰৰ অতিৰিক্ত উপায়ুক্ত কল্যাণ কুমাৰ দাসে জাৰি কৰিছে এই চমন।
অসম আৰক্ষীয়ে চমন জাৰি কৰা এই প্ৰশাসনিক বিষয়া কেইজন হৈছে ব্ৰুঞ্চ কিবি, অতিৰিক্ত উপায়ুক্ত থাৰ্টি হাংজচাল, এছ ডি পি অ’ চি লালৰেপুৰীয়া, এছ ডি অ’ ডেভিদ জে বি, অতিৰিক্ত উপায়ুক্ত ডঃ এইচ লালথালাজিলিআনা, উপায়ুক্ত ভেললাল ফাকা৷ অহা ২ আগষ্টৰ পুৱা ১১ বজাত আটাইকেইজন বিষয়াই অসমৰ ঢলা থানাত উপস্থিত হৈ সাক্ষ্য দিব লাগিব৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|