Assam-Mizoram Border: ক্ষান্ত হোৱা নাই আগ্ৰাসী মিজোৰাম । মাত্ৰ কেইটামান দিনৰ বিৰতিৰ পিছতে পুনৰ আগ্ৰাসনৰ বাবে সক্ৰিয় হৈ উঠিছে মিজোৰাম । পুনৰ মিজোৰামে বেদখল আৰম্ভ কৰিছে অসমৰ ভূমি । শেহতীয়া তথ্য অনুসৰি মিজোৰাম আৰক্ষীয়ে আকৌ হাইলাকান্দি জিলাত অসমৰ ভূমিত নিৰ্মাণ কৰিছে দুটা কেম্প ।
হাইলাকান্দি জিলাৰ ইনাৰ লাইন সংৰক্ষিত বনাঞ্চলত বিলাইপুৰ এলেকাৰ ধলাই খালত মিজোৰামে নিৰ্মাণ কৰিছে এই দুটা কেম্প । অসম আৰক্ষীয়ে ড্ৰোনৰ সহায়তাত সীমান্ত নিৰীক্ষণ কৰাৰ সময়ত পোহৰলৈ আহে এই নতুন কেম্প নিৰ্মাণৰ তথ্য । পিছতে হাইলাকান্দি জিলা প্ৰশাসন আৰু আৰক্ষীয়ে পত্ৰ যোগে এই সকলো তথ্য মিজোৰামৰ কলাচিব জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰায় । লগতে চুক্তি ভঙ্গ হোৱাৰ অভিযোগ কৰি এই দুটা কেম্প আতৰাবলৈ অনুৰোধ কৰা হয় । কিন্তু মিজোৰাম প্ৰশাসনে এতিয়ালৈকে ইয়াৰ কোনো উত্তৰ দিয়া নাই ।
ইপিনে, যোৱা কালি একে এলেকাত মিজোৰামে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে । ঘটনাৰ খবৰ পাই হাইলাকান্দি আৰক্ষী ঘটনাস্থলীত উপস্হিত হৈ পথ নিৰ্মাণৰ কামত নিয়োজিত জেচিবি চালকক তাৰ পৰা আতৰাই দিয়ে । কিন্তু ইয়াৰ পিছতে মিজোৰামৰ কলাচিব জিলাৰ উপায়ুক্ত হাইলাকান্দিৰ জিলা উপায়ুক্তক এক পত্ৰ যোগে জেচিবি চালক গৰাকীক অসম আৰক্ষীয়ে অপহৰণ কৰিছে বুলি অভিযোগ কৰে ।
আনহাতে, হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰব উপাধ্যায়ে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য আগবঢ়ায় । অসম আৰক্ষীয়ে নিজ সীমান্তত থাকি নিজৰ কৰ্তব্য পালন কৰিছে বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ।
উল্লেখ, যোৱা ২৬ জুলাইত কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰাম আৰক্ষী আৰু একাংশ মিজো দুৰ্বৃত্তই আক্ৰমণ চলাই হত্যা কৰিছিল কেইবাগৰাকী অসম আৰক্ষীৰ জোৱানক। পিছত দুই ৰাজ্যৰ মাজতে শান্তি স্থাপনৰ লক্ষ্যে আইজলত বৈঠকৰ আয়োজন কৰি এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|