বিজেপি চৰকাৰৰ দিনত ৫০০ কোটি টকীয়া ভয়ংকৰ কেলেংকাৰী! অভিযোগ খোদ সক্ৰিয় বিজেপি নেতাৰ

News18 Assam | News18-Assam
Updated:July 27, 2020, 11:50 PM IST
বিজেপি চৰকাৰৰ দিনত ৫০০ কোটি টকীয়া ভয়ংকৰ কেলেংকাৰী! অভিযোগ খোদ সক্ৰিয় বিজেপি নেতাৰ
ৰাজ্যৰ সংখ্যালঘু শিক্ষাৰ্থীৰ উন্নয়নৰ নামত ভয়ংকৰ দুৰ্নীতি

ৰাজ্যৰ সংখ্যালঘু শিক্ষাৰ্থীৰ উন্নয়নৰ নামত ভয়ংকৰ দুৰ্নীতি

  • Share this:
ৰাজ্যৰ সংখ্যালঘু শিক্ষাৰ্থীৰ উন্নয়নৰ নামত ভয়ংকৰ দুৰ্নীতি ৷ শিক্ষাৰ্থীৰ উন্নয়নৰ নামত আৱণ্টিত ধন আত্মসাৎ মধ্যভোগীৰ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক, বেংক বিষয়া, জিলা ন’ডেল বিষয়া লগ হৈ কোটি টকীয়া লুণ্ঠন৷ এই বিস্ফোৰক অভিযোগ অসম সংখ্যালঘূ উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ ৷

২০১৭ চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত সংখ্যালঘূ শিক্ষাৰ্থীৰ উন্নয়নৰ নামত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে ৫০১ কোটি ৪০ লাখ ৪ হাজাৰ ৪৭৪ টকা৷ কিন্তু শিক্ষাৰ্থীৰ নামত মুকলি কৰা এই বৃহৎ সংখ্যক ধন সোমাইছে ৰাজ্যখনৰ ভুৱা সংখ্যালঘূ শিক্ষাৰ্থী তথা জৱ কাৰ্ডৰ গৰাকীৰ একাউণ্টত ৷ ভুৱা সংখ্যালঘূ শিক্ষাৰ্থীৰ নামত নতুন চিমকাৰ্ড উলিয়াই দুষ্ট চক্ৰই ধন আত্মসাৎ কৰা বুলি অভিযোগ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ ৷

সংখ্যালঘূ শিক্ষাৰ্থীৰ উন্নয়নৰ নামত অহা পুঁজিত সংঘটিত দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তদন্তকাৰী গোট গঠন কৰিবলৈ দাবী অসম সংখ্যালঘূ উন্নয়ন বৰ্ডৰ ৷ পিছে প্ৰশ্ন হয়, বিগত চাৰি বছৰে সংঘটিত বৃহৎ দুৰ্নীতিক লৈ হঠাৎ কিয় সাৰ পালে সংখ্যালঘূ উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে?
Published by: Himangshu Bhuyan
First published: July 27, 2020, 11:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি