ইণ্টাৰনেট মুকলি কৰাৰ পিছতেই ছচিয়েল মিডিয়াত ভাইৰেল কি? চাওক Video

News18 Assam | News18-Assam
Updated:December 21, 2019, 6:40 PM IST
ইণ্টাৰনেট মুকলি কৰাৰ পিছতেই ছচিয়েল মিডিয়াত ভাইৰেল কি? চাওক Video
‘নেতাৰ আগৰ কথা আৰু এতিয়াৰ কথা’– কেনেকৈ হ’ব পাৰে ইমান কথাৰ পৰিৱৰ্তন

‘নেতাৰ আগৰ কথা আৰু এতিয়াৰ কথা’– কেনেকৈ হ’ব পাৰে ইমান কথাৰ পৰিৱৰ্তন

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ অব্যাহত আছে। তাৰ সমান্তৰাল ভাবে নেতা মন্ত্ৰীৰ নিৰ্বাচনৰ আগৰ কথা আৰু মন্ত্ৰী বিধায়ক হোৱাৰ পিছত কিদৰে সেই কথা বতৰাৰ সলনি হৈছে, সেই লৈ ব্যাপক চৰ্চা চলিছে ছচিয়েল মিডিয়াত। মন্ত্ৰী বিধায়কৰ পৰা কণ্ঠশিল্পী লৈকে তেওঁলোকৰ বিভিন্ন পুৰণি ভাষণ, ভিডিও এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

‘নেতাৰ আগৰ কথা আৰু এতিয়াৰ কথা’– কেনেকৈ হ’ব পাৰে ইমান কথাৰ পৰিৱৰ্তন

এতিয়া ছচিয়েল মিডিয়াত হঠাৎ ভাইৰেল হৈছে News18 অসম নৰ্থ–ইষ্টৰ জৰিয়তে সম্প্ৰচাৰ হোৱা হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি সংবাদমেলৰ এটা বিশেষ ভাষ্য। তপন গগৈক কাষত বহুৱাই সেইসময়ত কি কৈছিল মন্ত্ৰীগৰাকীয়ে। শুনক–



ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে নিজৰ পচন্দমতে বিচাৰি লৈছে পুৰণি ভিডিঅ’। হিন্দু বাংলাদেশী সংস্থাপনক লৈ ক্ষোভিত একাংশই লোকসভা নিৰ্বাচনত জ্যেষ্ঠ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ নৃত্য ভংগীমাক এডিটিং কৰি এৰি দিছে বিশেষ ৰূপত। ব্যংগাত্মকভাৱে অবৈধ বাংলাদেশী সংস্থাপনৰ বিৰোধ কৰিছে এই ভিডিঅ’ত।



আকৌ এবাৰ মোদী চৰকাৰ...গোৱা কণ্ঠশিল্পী সীমান্ত শেখৰকো এতিয়া ট্ৰ’ল কৰা হৈছে ছচিয়েল মিডিয়াত। চৰকাৰৰ কাৰণে গান গাই জীৱনৰ ডাঙৰ ভুল কৰিলো বুলি উল্লেখ কৰি ‘কা’ বিৰোধী আন্দোলনত জপিয়াই পৰা সীমান্ত শেখৰক ‘চৰকাৰী গায়ক’ আখ্যা দিছে ট্ৰ’লাৰে। শিল্পী সমাজৰ প্ৰতিবাদত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ভাষণ দি থকাৰ অৱস্থাতে বিভিন্ন জনে উভতি ধৰে সীমান্ত শেখৰক। ইয়াৰে ভিডিঅ’ এতিয়া বিশেষ সম্পাদনাৰে ছচিয়েল মিডিয়াত এৰিছে বহুজনে।



কেৱল সীমান্তই নহয় বিজেপিৰ লগতে চলচ্চিত্ৰ বিত্ত নিগমৰ পৰা ‘কা’ বিৰোধী আন্দোলনত যোগদান কৰিবলৈ পদত্যাগ কৰা অভিনেতা যতীন বৰাকো তীব্ৰ ট্ৰ’ল কৰিছে একাংশই। শ্বেয়াৰ কৰা হৈছে অভিনেতা যতীন বৰাৰ এখন বিশেষ পুৰণি ফটো। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সৈতে কংগ্ৰেছৰ প্ৰচাৰ অভিযানৰ ফটো আখ্যাৰে সুবিধাবাদী আখ্যা দিয়া হৈছে অভিনেতাজনক।

 
Published by: Himangshu Bhuyan
First published: December 21, 2019, 3:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading