মুখ্যপৃষ্ঠা »খবৰ »অসম »Loksabha Election 2024: বৰপেটা উদ্ধাৰৰ যুঁজত মন্ত্ৰী ৰঞ্জিত দাস, কিৰেণ ৰিজিজু ! কি হ'ব পৰিকল্পনা ?

Loksabha Election 2024: বৰপেটা উদ্ধাৰৰ যুঁজত মন্ত্ৰী ৰঞ্জিত দাস, কিৰেণ ৰিজিজু ! কি হ'ব পৰিকল্পনা ?

নগাঁও অথবা লখিমপুৰ যিকোনো এখন সভাত জনতাক সম্বোধন কৰিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

নগাঁও অথবা লখিমপুৰ যিকোনো এখন সভাত জনতাক সম্বোধন কৰিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

নগাঁও অথবা লখিমপুৰ যিকোনো এখন সভাত জনতাক সম্বোধন কৰিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

  • Share this:
বৰপেটা লোকসভা সমষ্টি উদ্ধাৰৰ দায়িত্বত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ৷ মন্ত্ৰী ৰঞ্জিত দাসৰ সতে দায়িত্বত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (Kiren Rijiju) ৷ কংগ্ৰেছৰ হাতৰ পৰা সংসদীয় সমষ্টিটো উদ্ধাৰৰ লক্ষ্যত দুই ৰথী, মহাৰথী ৷

২০২৪ৰ লোকসভা নিৰ্বাচনৰ বিজয়ৰ লক্ষ্যৰে ককালত টঙালি বান্ধিছে গেৰুৱা দল বিজেপিয়ে ৷ আৰম্ভ হৈছে দলটোৰ বুথ পৰ্য্যায়ৰ সাংগঠনিক কাম কাজ ৷ আগন্তুক এটা মাহৰ ভিতৰত দলটোয়ে ১৪ টা সংসদীয় সমষ্টিত এখনকৈ জনসভা অনুষ্ঠিত কৰাৰ লক্ষ্য ৷ য'ত নগাঁও অথবা লখিমপুৰ যিকোনো এখন সভাত জনতাক সম্বোধন কৰিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ উল্লেখ্য যে ১৪ সংসদীয় সমষ্টিত ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে নিযুক্তি দিছে এগৰাকী মন্ত্ৰী লগত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷ এই ক্ষেত্ৰত বৰপেটা সমষ্টিৰ দায়িত্ব লোৱা ৰঞ্জিত দাসে নিজ দলীয় কাম কাজ আৰম্ভ কৰা জানিবলৈ দিছে সংবাদ মাধ্যমক ৷ যদিওবা মন্ত্ৰীগৰাকীৰ দায়িত্বত থকা বৰপেটা সমষ্টিটো কংগ্ৰেছৰ দখলত, তেনে সময়ত স্বাভাৱিকতে এটা প্ৰত্যাহ্বান ৷ তথাপি কিন্তু সমষ্টিটোত আজুৰি আনিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷ উল্লেখ্য যে মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে ১ জুনৰ পৰা আৰম্ভ কৰিব মহাসম্পৰ্ক যাত্ৰা ৷ তাৰ অংশ ৰূপে আগন্তুক এমাহত দলটোয়ে ১ লাখ বিভিন্ন ক্ষেত্ৰত লোকক সাক্ষাৎ তথা সম্বৰ্ধনা লক্ষ্য ৷ দলটোৰ এনে কাৰ্য্যসূচীয়ে স্বাভাৱিকতে দলীয় সাংগঠনিক ভেটি সুদৃঢ় কৰিব যে সেয়া স্পষ্ট ৷ অৱশ্যে বিজেপিৰ এনে পৰিকল্পনাৰ বিপৰীতে বিৰোধী ঐক্য কিদৰে থিয় হয় সেয়া হয়টো সময়ত লক্ষণীয় হ'ব ৷

শেহতীয়া বাতৰি