ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাণী টুইট কৰি দিনতে কি ইংগিত দিছিল হিমন্ত বিশ্ৱ শৰ্মাই

News18 Assam | News18-Assam
Updated:May 9, 2021, 7:19 PM IST
ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাণী টুইট কৰি দিনতে কি ইংগিত দিছিল হিমন্ত বিশ্ৱ শৰ্মাই
মুখ্যমন্ত্ৰীকেন্দ্ৰিক সভাৰ মাজতে দিয়া এই বিশেষ টুইটৰ মাজতে আছে নেকি হিমন্ত বিশ্ৱ শৰ্মাৰ ৰাজনৈতিক যাত্ৰাৰ লক্ষ্য–উদ্দেশ্য

মুখ্যমন্ত্ৰীকেন্দ্ৰিক সভাৰ মাজতে দিয়া এই বিশেষ টুইটৰ মাজতে আছে নেকি হিমন্ত বিশ্ৱ শৰ্মাৰ ৰাজনৈতিক যাত্ৰাৰ লক্ষ্য–উদ্দেশ্য

  • Share this:

দীৰ্ঘ ৰাজনৈতিক যাত্ৰাত আজিৰ দিনটো ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এক উল্লেখনীয় দিন ৰূপে স্মৰণীয় হৈ ৰ'ব। ৰাজনৈতিক কেৰিয়াৰত এই দিনটোতে তেওঁ নিৰ্বাচিত হয় বিধায়িনী দলৰ নেতা তথা মুখ্যমন্ত্ৰী ৰূপে। ২০১৫ চনৰ আগষ্টত বিজেপিত যোগদানৰ পিছৰে পৰা এগৰাকী অনন্য নেতা ৰূপে তেওঁ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিৰ লগতে কেন্দ্ৰৰ বিজেপি নেতৃত্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এই আকৰ্ষণৰ কাৰণ আছিল তেওঁৰ কৰ্মোদ্যমী যাত্ৰা। এনে কৰ্মৰে ফল হয়তো মুখ্যমন্ত্ৰিত্ৱৰ পদবী।


কিন্তু মুখ্যমন্ত্ৰীকেন্দ্ৰিক চৰ্চা–সভাৰ মাজতে ড০ শৰ্মাই কৰা এটা টুইট আছিল অৰ্থৱহ।  মুখ্যমন্ত্ৰিত্ৱ প্ৰাপ্তিৰ ঠিক ক্ষণিক সময় আগেয়ে ড০ শৰ্মাই নিজ টুইটাৰ একাউণ্টৰ জৰিয়তে দিছিল তেওঁৰ ৰাজনৈতিক আকাংক্ষা বা প্ৰাপ্তি–অপ্ৰাপ্তিৰ এক আভাস।


বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা বাণী টুইটাৰযোগে প্ৰকাশ কৰি কবিগুৰুৱে তেওঁক সদায়ে অনুপ্ৰাণিত কৰা বুলি উল্লেখ কৰিছিল। ইংৰাজীত উল্লেখ কৰা বাণীটো আছিল–



I slept and dreamt that life was joy.
I awoke and saw that life was service.
I acted and behold, service was joy.


(মই শুই আছিলো আৰু সপোন দেখিছিলো যে জীৱন আনন্দময় আছিল। মই সাৰ পাওঁ আৰু দেখিছিলো যে জীৱনটো সেৱা আছিল। মই ক্ৰিয়াশীল হৈছিলো আৰু দেখো, সেৱাই আছিল আনন্দ।)



প্ৰাপ্তি–অপ্ৰাপ্তিৰ অংকৰ ঊৰ্ধ্বত থাকি সেৱাৰ আনন্দই ড০ হিমন্ত বিশ্ব শৰ্মাক দিয়া অনুপ্ৰেৰণাৰ এক ইংগিত আছিল এই টুইট।

Published by: Gautam Barman
First published: May 9, 2021, 7:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি