নিমাতিঘাটৰ দুৰ্ঘটনাত নৈতিক দায় মানি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে পদত্যাগ কৰাৰ দাবী উত্থাপন কৰিলে প্ৰদেশ কংগ্ৰেছে । আজি হাইলাকান্দিত এক সংবাদমেলত এই দাবী উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই ।

হাইলাকান্দি আবৰ্ত ভৱনত সংবাদমেলত মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, নিমাতীঘাটত নাও দুৰ্ঘটনা অতি মৰ্মান্তিক । আৰু এই দুৰ্ঘটনাৰ বাবে দায়ী আভ্যন্তৰীন জল পৰিবহণ বিভাগ, বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তথা ৰাজ্য চৰকাৰ ।
বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ২০১৮ চনত বিধানসভাত প্ৰতিশ্ৰুতি মতে কাম নকৰাৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগ দাবী কৰিছে প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে ।
ইপিনে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমালাক্ষ দে পুৰকায়স্থই নিমাতিঘাট নাও দুৰ্ঘটনাক লৈ চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগ দাবী কৰি কয়, ২০১৮ চনত বিধানসভাত এই গৰাকী জল পৰিবহণ মন্ত্ৰীয়ে কৈছিল যে বিভাগত বহু লাইফ জেকেট আছে কিন্তু ইমান লাইফ জেকেট থকাৰ পিছতো কিয় যাত্ৰী সকলক জেকেট দিয়া নহল এই প্ৰশ্ন উত্থাপন কৰি, জেকেটৰ টেন্ডাৰৰ নামত মন্ত্ৰীয়ে কমিশন ৰাজ আৰম্ভ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|