নুমলীগড়ৰ নুমলীগড় চাহ বাগিচাত কোভিড পৰিস্থিতিৰ বুজ ল’লে কৃষি মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই। নুমলীগড় চাহ বাগিচাত ৭৬ জন শ্ৰমিকৰ দেহত মাৰাত্মক কোভিড সংক্ৰমণক লৈ উদ্বিগ্ন মন্ত্ৰী অতুল বৰা।
বাগিচাখনত মাস্ক বিতৰণ কৰাৰ লগতে বাগিচাসমূহত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত যথেষ্ট চিন্তিত হোৱাৰ কথা উল্লেখ কৰি সকলোকে চৰকাৰী নীতি-নিয়ম সমূহ পালন কৰিবলৈ আহ্বান জনায়।
নুমলীগড় চাহ বাগিচাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিড সংক্ৰমণে। কভিড পৰীক্ষাত প্ৰায় ৫০ শতাংশ শ্ৰমিকৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক কোৰোণা ভাইৰাছ। এতিয়ালৈ ৭৬ জন শ্ৰমিক আক্রান্ত হৈছে কোভিডত। চাহ বাগিচাখনৰ তিনিটা লাইন কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে৷ এই জটিল পৰিস্থিতিৰে যুঁজিবলৈ সকলো ব্যৱস্থা লোৱাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|