অসমতো কিছু সংখ্যক লোকে কুকুৰৰ মাংস খায়। এইবাৰ এই মন্তব্য কৰে পশুপালন মন্ত্ৰী অতুল বৰাই। অতুল বৰাৰ মতে বিশ্বৰ উন্নত দেশে অন্যান্য মাংসৰ লগতে কুকুৰৰ মাংসও খায়। বিৰোধীৰ হাতত কোনো ইছ্যু নাই বাবেই তেওঁলোকে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্ছু কাডুৰ মন্তব্যকলৈ অনাহকত সদনত হুলস্থূল কৰিছে।
প্ৰসংগ কুকুৰৰ মাংস। মাহাৰাষ্ট্ৰৰ বিধায়ক বাচ্ছু কাডুৰ মন্তব্যকলৈ এতিয়াও ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। বাচ্ছু কাডুৱে কৈছিল অসমৰ মানুহে কুকুৰৰ মাংস খায়। তাকে লৈ শুকুৰবাৰে অসম বিধান সভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোতে বিৰোধীয়ে সদন উত্তাল কৰিছিল। কুকুৰৰ মাংস খোৱাক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ মুখ খুলিলে পশুপালন মন্ত্ৰী অতুল বৰা ই। অতুল বৰাৰ মতে অসমৰ কিছু সংখ্যক লোকে কুকুৰৰ মাংস খোৱাটো সঁচা কথা। সিমানতে ক্ষান্ত নাথাকি পশুপালন মন্ত্ৰী অতুল বৰাই আকৌ ক'লে বিশ্বৰ উন্নত দেশৰ লোকে অন্যান্য মাংসৰ লগতে কুকুৰৰ মাংসও খায়। শনিবাৰে জনতা ভৱনৰ এক সংবাদ মেলত পশুপালন মন্ত্ৰী অতুল বৰাই দেশত বৃদ্ধি পোৱা ছোৱাইন ফ্লু আৰু এভিয়ান ইনফ্লুৱেঞ্জা সংক্ৰমণৰ বাবেই বহিঃৰাজ্যৰ পৰা অসমলৈ গাহৰি আৰু মুৰ্গি অনাত নিষেধাজ্ঞা আৰোপ কৰিছে বুলি কয়। বহিঃৰাজ্যৰ পৰা গাহৰি আৰু মুৰ্গি আমদানি বন্ধ কৰাৰ ফলত অশুভ চক্ৰই যাতে গাহৰি আৰু মুৰ্গিৰ মূল্য বৃদ্ধি কৰিব নোৱাৰে তাৰ ওপৰত চৰকাৰে চোকা নজৰ ৰাখিছে বুলি কয় অতুল বৰাই।
Published by: Kokil Sarma
FIRST PUBLISHED : March 11, 2023, 17:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।