মুখ্যপৃষ্ঠা »খবৰ »অসম »Gunotsav 2023: শিক্ষাৰ্থীৰ সতে একেখন বেঞ্চত মন্ত্ৰী অশোক সিংঘল ! একেখন বেঞ্চত বহি শিক্ষাৰ্থীক কি ক'লে মন্ত্ৰীগৰাকীয়ে ?

Gunotsav 2023: শিক্ষাৰ্থীৰ সতে একেখন বেঞ্চত মন্ত্ৰী অশোক সিংঘল ! একেখন বেঞ্চত বহি শিক্ষাৰ্থীক কি ক'লে মন্ত্ৰীগৰাকীয়ে ?

শোণিতপুৰ জিলাৰ বিহগুৰি উচ্চ মাধ্যমিক বালিকা বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংঘলে ৷ ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে  বিদ্যালয়খনত উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে ৷

শোণিতপুৰ জিলাৰ বিহগুৰি উচ্চ মাধ্যমিক বালিকা বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংঘলে ৷ ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে  বিদ্যালয়খনত উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে ৷

  • Share this:
ৰাজ্যত চলি আছে গুণোৎসৱ ২০২৩ ৷ গুণোৎসৱ উপলক্ষে ইতিমধ্যে বিভিন্ন চৰকাৰী বিদ্যালয়ত অংশ লৈছে মন্ত্ৰী বিধায়ক তথা আমোলা বিষয়া ৷ এই সময়তে শনিবাৰে ৰাজ্যৰ শোণিতপুৰ জিলাত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘল ৷

শোণিতপুৰ জিলাৰ বিহগুৰি উচ্চ মাধ্যমিক বালিকা বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংঘলে ৷ ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে  বিদ্যালয়খনত উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে ৷ লগতে বিদ্যালয়খনৰ শ্ৰেণীকোঠা, অনাময় ব্যৱস্থা আদি আন্তঃগাঁথনিকে প্ৰমুখ্য কৰি শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতা, শিক্ষকসকলৰ শিক্ষণ প্ৰণালী আদিও পৰ্য্যবেক্ষণ কৰে। মন্ত্ৰীৰ পৰিদৰ্শন কালত শিক্ষাৰ্থীৰ সতে একেখন বেঞ্চত দেখা গ'ল মন্ত্ৰী অশোক সিংঘলক ৷ বিদ্যালয়ৰ সুবিধা অসুবিধা সমূহ নিজে বুজ লোৱাৰ লগতে শিক্ষাৰ্থীৰ পৰাও পৰামৰ্শ গ্ৰহণ কৰে ৷

শনিবাৰে এই পৰিদৰ্শন কালতে মন্ত্ৰীগৰাকীয়ে অভিভাৱক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ লগতো বাৰ্তালাপ কৰে । বিদ্যালয় এখনৰ উন্নতি আৰু প্ৰগতিৰ বাবে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সমান্তৰালভাৱে সমাজৰ প্ৰতিগৰাকী নাগৰিকৰেই দায়িত্ব আছে বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে ৷ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদান আৰু শৈক্ষিক ফলাফল উন্নতকৰণৰ লক্ষ্যৰেই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰতিবছৰে গুণোৎসৱৰ আয়োজন কৰি আহিছে বুলি উল্লেখ কৰি বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰীয়েই যাতে দেশৰ এক সম্পদ হৈ ভৱিষ্যতে সেৱা আগবঢ়াব পাৰে তাৰে বাবে নিষ্ঠাৰে শিক্ষাদান আৰু শিক্ষাগ্ৰহণত ব্ৰতী হ'বলৈ আহ্বান জনায় ৷ উল্লেখ্য যে মন্ত্ৰী সিংঘলৰ বিদ্যালয়ত অংশগ্ৰহণৰ সময়ত সংগ দিয়ে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) দ্যোতিভা বৰাৰ লগতে অন্যান্য কেইবাগৰাকীও বিষয়াই ৷

শেহতীয়া বাতৰি