চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জন লোকৰ নাম। তাৰ বিপৰীতে বাদ পৰিল ১৯,০৬,৬৫৭জন লোক। কিন্তু হিতেশ্বৰ শইকীয়াৰ মুখ্যমন্ত্ৰীত্বৰ কালতে তেখেতে ৰাজ্যত থকা বিদেশীৰ সন্দৰ্ভত দাঙি ধৰিছিল গুৰুত্বপূৰ্ণ তথ্য। কিন্তু আজি যেন সেই তথ্যৰ নাই কোনো মূল্য!
সেইদৰে বিভিন্ন সময়ত দেশৰ সংসদৰ মজিয়াতো চৰকাৰী তথ্যত অসমত যিমান সংখ্যক বিদেশী থকাৰ কথা কোৱা হৈছিল, তাৰ যেন এখন বিপৰীত ছবিহে উন্মোচিত হ’ল চূড়ান্ত এন আৰ চি খনত!
চৰকাৰী প্ৰতিবেদনত কি তথ্য প্ৰকাশ কৰা হৈছিলপ্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া(১৯৯১–১৯৯৬)– অসম বিধানসভাত তদানীন্তন মুখ্যমন্ত্ৰী শইকীয়াৰ বিবৃতি অসমত ৩০ লাখ বিদেশী আছে।
ইন্দ্ৰজিৎ গুপ্তা, ৬ মে’ ১৯৯৭, তদানীন্তন কেন্দ্ৰীয় গৃহ মন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তাৰ সংসদত তথ্য দাখিলঃ অসমকে ধৰি দেশত ১ কোটি অবৈধ বিদেশী আছে।
শ্ৰীপ্ৰকাশ জয়ছোৱাল, ১৪ জুলাই, ২০০৪, তদানীন্তন কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী শ্ৰীপ্ৰকাশ জয়ছোৱালৰ সংসদত বক্তব্যঃ অসমত থকা বিদেশীৰ সংখ্যা ৫০ লাখ। ভাৰতত আছে মুঠ ১.২ কোটি বিদেশী।
কিৰেন ৰিজিজু(২০১৪–২০১৮), তদানীন্তন কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৰ সংসদত তথ্য দাখিলঃ ভাৰতত আছে ২ কোটি অবৈধ বিদেশী
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|