ৰান্ধনী–সহায়িকাৰ উগ্ৰমূৰ্তি দেখি পলাইছে NGO ৰ মানুহ! মধ্যাহ্ন ভোজন বিলাবলৈ যোৱা একাংশক মাৰপিটৰ অভিযোগ

খাদ্য প্ৰস্তুত কৰাৰ পাছত আৰু বিদ্যালয়ত জমা দিয়া পূৰ্বে পৰীক্ষা কৰিব লাগিব। লগতে খাদ্য প্ৰস্তুত কৰিবলৈ স্থানীয় ৰান্ধনী নিযুক্তি কৰিবলৈ নিৰ্দেশ।

News18-Assam
Updated:November 4, 2019, 4:14 PM IST
ৰান্ধনী–সহায়িকাৰ উগ্ৰমূৰ্তি দেখি পলাইছে NGO ৰ মানুহ! মধ্যাহ্ন ভোজন বিলাবলৈ যোৱা একাংশক মাৰপিটৰ অভিযোগ
খাদ্য প্ৰস্তুত কৰাৰ পাছত আৰু বিদ্যালয়ত জমা দিয়া পূৰ্বে পৰীক্ষা কৰিব লাগিব। লগতে খাদ্য প্ৰস্তুত কৰিবলৈ স্থানীয় ৰান্ধনী নিযুক্তি কৰিবলৈ নিৰ্দেশ।
News18-Assam
Updated: November 4, 2019, 4:14 PM IST
ক্ৰমাৎ অধিক অৱনতি ঘটিছে বিদ্যালয়ৰ ৰান্ধনী–সহায়িকা আৰু  মধ্যাহ্ন ভোজনৰ দায়িত্ব পোৱা NGO সমূহৰ মাজত ব্যৱধান। ৰান্ধনী–সহায়িকাৰ উগ্ৰমূৰ্তি দেখি পলাইছে NGOৰ মানুহ। বহু কেইটা NGOই অভিযোগ কৰিছে যে, মধ্যাহ্ন ভোজন বিলাবলৈ যাওতে তেঁওলোকৰ কৰ্মীসকলক মাৰপিটো কৰিছে একাংশই। ফলত ভয়তে NGO এৰি পলাইছে বহু কৰ্মী। সংবাদ মাধ্যমৰ সমুখতো তেওলোকৰ সৈতে জড়িত মানুহক মাৰ পিট কৰিছে বুলি অভিযোগ আনিছে একাংশ NGOই।

সেইসময়তে এতিয়া উন্নত মানৰ খাদ্য যোগান ধৰিবলৈ NGO ক কঠোৰ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। অন্য ৰাজ্যত নিষিদ্ধ হোৱা তথ্য লুকুৱাই যদি কোনো VGo ই দায়িত্ব লাভ কৰিছে, পৰীক্ষাৰ অন্তত সেইসমূহ NGO ক অসমতো নিষিদ্ধ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰীয়ে।

 

শিক্ষামন্ত্ৰীয়ে লগতে কয় যে, ‘খাদ্য প্ৰস্তুত কৰাৰ পিছত আৰু বিদ্যালয়ত জমা দিয়া পূৰ্বে পৰীক্ষা কৰিব লাগিব।’ লগতে খাদ্য প্ৰস্তুত কৰিবলৈ স্থানীয় ৰান্ধনী নিযুক্তি কৰিবলৈ নিৰ্দেশ। মন্ত্ৰীৰ মতে স্থানীয় ৰান্ধনীয়েহে স্থানীয় শিশুৰ সোৱাদ সম্পৰ্কে জানিব পাৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি