Meghalaya-Assam Border Dispute: ফেব্ৰুৱাৰীত অৰুণাচলৰ প্ৰদেশৰেও হ'ব অসম চৰকাৰৰ আলোচনা
Meghalaya-Assam Border Dispute: ফেব্ৰুৱাৰীত অৰুণাচলৰ প্ৰদেশৰেও হ'ব অসম চৰকাৰৰ আলোচনা
বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে দাখিল কৰা সীমা সমস্যা সমাধানৰ প্ৰতিবেদন পৰ্যালোচনা কৰা আৰম্ভ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷ ছয় বিবদমান অঞ্চলক লৈ দিয়া প্ৰতিবেদনক লৈ ২৬ জানুৱাৰীৰ পিছত পুনৰ এক বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
অসম-মেঘালয়ৰ মাজত চলি আহিছে পাঁচ দশক ধৰি সীমাক লৈ বিবাদ ৷ এই বিবাদ মীমাংসাৰ দিশত এতিয়া ৷ মুঠ বাৰটাৰ ভিতৰত ছয়টা বিবদমান অঞ্চলক লৈ উভয় ৰাজ্যৰ তিনিখনকৈ আঞ্চলিক কমিটিয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত কৰা হয় এক উমৈহতীয়া চূড়ান্ত প্ৰতিবেদন ৷ এই উমৈহতীয়া প্ৰতিবেদন বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ত সাক্ষাৎ কৰি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (chief minister Himanta Biswa Sarma ) আৰু কনৰাড চাংমাই ৷
উভয় ৰাজ্যৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত লোৱা পদক্ষেপ সন্দৰ্ভত বিস্তৃতভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী দুয়োজনৰ পৰা বুজ লয় ৷ অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰী দুজনে প্ৰদান কৰা উমৈহতীয়া চূড়ান্ত প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পৰ্যালোচনা কৰা আৰম্ভ কৰিছে ৷
অমিত শ্বাহৰ (Union home minister Amit Shah) হাতত দাখিল কৰা উমৈহতীয়া চূড়ান্ত প্ৰতিবেদনক লৈ ২৬ জানুৱাৰীৰ পিছত আন এক বৈঠকত বহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে দুয়োজন মুখ্যমন্ত্ৰী ৷ দুয়োখন ৰাজ্যৰ সীমা সমস্যা দূৰীকৰণৰ বাবে সীমা পুনৰ নিৰ্ধাৰণ কৰিব লাগিব ৷ ইয়াৰ বাবে প্ৰয়োজন হ'ব THE NORTH-EASTERN AREAS (REORGANISATION) ACT, 1971ৰ সংশোধনৰ ৷ ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ অধিৱেশনত এই সন্দৰ্ভত এক সংশোধনী বিধেয়ক আনিব পাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৷
ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰীক উমৈহতীয়া চূড়ান্ত প্ৰতিবেদন দিয়াৰ পিছত শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰে অসমৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ কথা দুহাৰে ৷ মেঘালয়ৰ ৫০ সংখ্যক ৰাজ্য গঠনৰ দিৱসত মেঘালয়বাসী আৰু মুখ্যমন্ত্ৰী কনৰাড চাংমাক (Meghalaya chief minister Conrad K Sangma) শুভেচ্ছা আৰু প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷
মেঘালয়ৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ বাবে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লোৱা এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে ৷ মেঘালয়ৰ দৰে চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ সৈতেও অসমৰ পাঁচ দশক পুৰণি সীমা বিবাদ নিষ্পত্তিৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
দিছপুৰৰ এক সুত্ৰই সদৰী কৰা মতে অহা ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ বাবে এক বৈঠকত মিলিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|