உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Meghalaya Border Dispute : সীমা বিবাদক লৈ আজি বৈঠকত বহিব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী

    Assam Meghalaya Border Dispute : সীমা বিবাদক লৈ আজি বৈঠকত বহিব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী

    ৰাজ্যৰ সীমামূৰীয়া বহুকেইখন জিলাই দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছে মেঘালয়ে দখল কৰা ভূমিৰ বাবে৷

    ৰাজ্যৰ সীমামূৰীয়া বহুকেইখন জিলাই দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছে মেঘালয়ে দখল কৰা ভূমিৰ বাবে৷

    ৰাজ্যৰ সীমামূৰীয়া বহুকেইখন জিলাই দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছে মেঘালয়ে দখল কৰা ভূমিৰ বাবে৷

    • Share this:
    অসম আৰু মেঘালয়ৰ সীমা বিবাদ (Assam Meghalaya Border Dispute) নতুন কথা নহয়৷ ১৯৭২ চনত মেঘালয় (Meghalaya) ৰাজ্য গঠন কৰাৰ পিছৰে পৰা চলি আছে অসম-মেঘালয়ৰ মাজত চলি আহিছে সীমা বিবাদ৷ সীমা বিবাদ মীমাংসাৰ বাবে দুয়ো ৰাজ্যই প্ৰচেষ্টা আগবঢ়াই আহিছে যদিও এইপৰ্যন্ত মীমাংসালৈ আহিব পৰা নাই দুয়োখন ৰাজ্যই৷ ৰাজ্যৰ সীমামূৰীয়া বহুকেইখন জিলাই দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছে মেঘালয়ে দখল কৰা ভূমিৰ বাবে৷

    মেঘালয়ে গোৱালপাৰাত ৩৩.৮১৫৬ হেক্টৰ, কাচাৰত ৬০২.০১১৭ হেক্টৰ, কামৰূপত ৮০২.৬৮২৩ হেক্টৰ, দক্ষিণ শালমাৰা-মানকাচৰত ৩.৩৫০৫ হেক্টৰ, পশ্চিম কাৰ্বি আংলঙত ২ হাজাৰ স্কোৱেৰ মিটাৰ ভূমি দখল কৰি ৰাখিছে৷ যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ দুয়োখন ৰাজ্যই এই সমস্যা সমাধানৰ বাবে গঠন কৰি দিছে উচ্চস্তৰীয় সমিতিও৷ কেইদিনমান পূৰ্বে কামৰূপৰ লাম্পিত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু কনৰাড চাংমাই (Conrad Sangma) লাম্পিবাসীক সীমা সমস্যাৰ আশ্বাস দিছিল৷

    বুধবাৰে সীমা সমস্যাক লৈ পুনৰ এক বৈঠকত মিলিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা৷ সন্ধিয়া ৬ বজাত কইনাধৰাত বৈঠকত মিলিত হ'ব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী৷ ছয় বিবদমান অঞ্চলক লৈ আলোচনা কৰিব দুয়োগৰাকী মুখ্যমন্ত্ৰী৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: