உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মেঘালয়ৰ সীমাত সোমাব অসমৰ ১১ খন সত্ৰ, নামঘৰ! তীব্ৰ বিৰোধিতা সত্ৰ মহাসভাৰ 

    মেঘালয়ৰ সীমাত সোমাব অসমৰ ১১ খন সত্ৰ, নামঘৰ! তীব্ৰ বিৰোধিতা সত্ৰ মহাসভাৰ 

    অসম মেঘালয়ৰ প্ৰস্তাৱিত সীমা সমস্যাৰ সমাধান সূত্ৰ কাৰ্যকৰী হ’লে অসমৰ ১১সত্ৰ, নামঘৰ যাব মেঘালয়লৈ

    অসম মেঘালয়ৰ প্ৰস্তাৱিত সীমা সমস্যাৰ সমাধান সূত্ৰ কাৰ্যকৰী হ’লে অসমৰ ১১সত্ৰ, নামঘৰ যাব মেঘালয়লৈ

    অসম মেঘালয়ৰ প্ৰস্তাৱিত সীমা সমস্যাৰ সমাধান সূত্ৰ কাৰ্যকৰী হ’লে অসমৰ ১১সত্ৰ, নামঘৰ যাব মেঘালয়লৈ

    • Share this:
    দেশৰে অন্যতম ধৰ্মীয় সংগঠন অসম সত্ৰ মহাসভাই অসম আৰু মেঘালয়ৰ মাজত প্ৰস্তাৱিত মাটিৰ আদান প্ৰদান নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে। কাৰণ দুই ৰাজ্যৰ সীমা সমস্যাৰ সমাধান কাৰণে প্ৰস্তাৱিত পদক্ষেপ কাৰ্যকৰী হ’লে অসমৰ ১১ সত্ৰ আৰু নামঘৰ মেঘালয় ৰাজ্যত সোমাব। উল্লেখযোগ্য যে, বিভিন্ন পৰ্যায়ৰ বহু লানি আলোচনাৰ পিছত দুইখন ৰাজ্য চৰকাৰে সহমতত উপনীত এক সমাধান সূত্ৰ উলিয়াইছে। আৰু এই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰিছে। দুই ৰাজ্যৰ সীমাৰ পুনৰ নিৰ্ধাৰণ সংসদত আইন সংশোধনৰ জৰিয়তে কৰিব লাগিব।

    ইফালে অসম সত্ৰ মহাসভাই অসমৰ ১১ সত্ৰ আৰু নামঘৰ মেঘালয়ক হস্তান্তৰ কৰা কাৰ্য্য মানি লোৱা নহ’ব বুলি হুংকাৰ দিছে। সীমান্তত থকা সত্ৰ আৰু নামঘৰ সমূহ হৈছে লংচাইৰ নেত্বজাপা সত্ৰ, ঔগুৰিৰ বুঢ়া ভোগ দিয়া নামঘৰ, জিমিৰী গাঁওৰ নুনমাটি গোসাঁই  নামঘৰ, ৰাণীবাৰী নামঘৰ, শলচেৰ নামঘৰ, বকলাপাৰাৰ বনস্পতি নামঘৰ, উমসুৰ নামঘৰ, মতেচৰ সত্ৰ, লুংখেৰ নামঘৰ আৰু ভালাখোৱাৰ সোণাৰী নামঘৰ।

    মহাসভাৰ সাধাৰণ সম্পাদক কুসুম কুমাৰ মহন্তই অসমৰ সত্ৰ, নামঘৰ মেঘালয়লৈ হস্তান্তৰ কৰিলে সমগ্ৰ অসম জুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি তেওঁ কয়– অসম চৰকাৰে কোনো ধৰণৰ মাটিৰ জৰীপ নকৰাকৈ মেঘালয়ক মাটি হস্তান্তৰ কৰিবলৈ ওলাইছে। সীমা সমস্যাৰ নামত অসম চৰকাৰে লোৱা এই পদক্ষেপক গৰিহণা দিছে মহন্তই।

    অলপতে দুইখন ৰাজ্য চৰকাৰে সীমান্তৰ বিবদমান ৬স্থানৰ ৩৬খন গাঁও সাঙুৰি ৩৬.৭৯ বৰ্গ কিলোমিটাৰ অঞ্চল সমানে ভগাই লোৱাৰ প্ৰস্তাৱ এটাত সহমতত উপনীত হৈছে ।
    Published by:Himangshu Bhuyan
    First published: