অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাৰ উপস্থিতিত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচং আৰু দুয়োখন ৰাজ্যৰ বিষয়াৰ সৈতে অসম-মেঘালয় সীমা সমস্যাৰ বিষয়ত এখন বৈঠকত মিলিত হয়।
আজিৰ এই বৈঠকতে ৰাজ্য দুখনৰ কামৰূপ (মেট্ৰ') আৰু ৰি' ভ'ই জিলাৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিৰ প্ৰতিনিধিসকলে চৰজমিন তদন্ত কৰি প্ৰস্তুত কৰা প্ৰতিবেদনো দাখিল কৰা হয়। দুয়োখন ৰাজ্যৰ সমিতিৰ প্ৰতিনিধিসকলে প্ৰস্তুত কৰা প্ৰতিবেদন মন্ত্ৰী পীযুষ হাজৰিকা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচঙৰ মাজত বিনিময় কৰা হয়। উল্লেখ্য যে, আজিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকাই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ বাবে ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যাৰ সোনকালেই স্থায়ী সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে। আনহাতে চৰজমিন তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অঞ্চলকেইটাৰ স্থানীয় বাসিন্দাৰ মতামতক বিশেষভাৱে গুৰুত্ব দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে দুয়োখন ৰাজ্যৰ মুখামন্ত্ৰীয়ে শান্তিপূৰ্ণভাৱে সীমা সমস্যাৰ স্থায়ী সমাধান হোৱাটো বিচাৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
মন কৰিবলগীয়া কথা যে, বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই উল্লেখ কৰে যে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিসমূহৰ প্ৰতিবেদন দাখিল সমাপ্ত হোৱাৰ লগে লগে সোনকালেই ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকত সীমা সমস্যা সমাধানৰ বাবে চূড়ান্ত সিদ্ধান্ত ল'ব পৰা যাব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|