• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Meghalaya : অসম-মেঘালয় সীমান্তৰ মক্ৰকাণ্ডত নিহত অসমৰ বনকৰ্মী বিদ্যাছিং লেকথেৰ মৃতদেহ চমজালে মেঘালয়ে

Assam-Meghalaya : অসম-মেঘালয় সীমান্তৰ মক্ৰকাণ্ডত নিহত অসমৰ বনকৰ্মী বিদ্যাছিং লেকথেৰ মৃতদেহ চমজালে মেঘালয়ে

কাইলৈ অমিত শ্বাহক সাক্ষাৎ কৰিব মেঘালয়ৰ প্ৰতিনিধিয়ে।

কাইলৈ অমিত শ্বাহক সাক্ষাৎ কৰিব মেঘালয়ৰ প্ৰতিনিধিয়ে।

কাইলৈ অমিত শ্বাহক সাক্ষাৎ কৰিব মেঘালয়ৰ প্ৰতিনিধিয়ে।

  • Share this:
অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দিং থানাৰ অন্তৰ্গত মক্ৰত অসম আৰক্ষী আৰু স্থানীয় খাচী লোকৰ মাজত সংঘটিত অপ্ৰীতিকৰ ঘটনাত নিহত অসমৰ বনকৰ্মী বিদ্যাছিং লেকথেৰ মৃতদেহ আজি চমজাই দিয়ে মেঘালয়ে।

মেঘালয়ৰ দণ্ডাধীশৰ উপস্থিতি অসমৰ প্ৰশাসনক ফৰেষ্ট গাৰ্ডজনৰ মৃতদেহ চমজাই দিয়ে। মৃতদেহ চমজি লোৱাৰ সময়ত আছিল কাৰ্যবাহী সদস্য ৰিতেশ ইংহি,অমৰছিং টিছু ,কাৰ্বি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত থাকে।

ইফালে মুক্ৰৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত কাইলৈ অমিত শ্বাহক সাক্ষাৎ কৰিব মেঘালয়ৰ প্ৰতিনিধিয়ে। সন্ধিয়া ৮ বজাত সাক্ষাৎ কৰিব অমিত শ্বাহক। কালি মেঘালয় চৰকাৰে জৰুৰীকালীনভাৱে কেবিনেট বৈঠক অনুষ্ঠিত কৰি এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি