• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Meghalaya Border: কাৰ্বি আংলঙৰ অসম–মেঘালয় সীমান্তত চেপা উত্তেজনা, সঘনাই বৈঠক

Assam-Meghalaya Border: কাৰ্বি আংলঙৰ অসম–মেঘালয় সীমান্তত চেপা উত্তেজনা, সঘনাই বৈঠক

ইতিমধ্যে চাবুদা অঞ্চলৰ সীমান্তত  এটা কোম্পানী CRPF মোতায়েন কৰিছে পশ্চিম কাৰ্বি আংলং আৰক্ষী প্ৰশাসনে।

ইতিমধ্যে চাবুদা অঞ্চলৰ সীমান্তত  এটা কোম্পানী CRPF মোতায়েন কৰিছে পশ্চিম কাৰ্বি আংলং আৰক্ষী প্ৰশাসনে।

ইতিমধ্যে চাবুদা অঞ্চলৰ সীমান্তত  এটা কোম্পানী CRPF মোতায়েন কৰিছে পশ্চিম কাৰ্বি আংলং আৰক্ষী প্ৰশাসনে।

  • Share this:

অসম আৰু মেঘালয়ৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্য দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত বৈঠক হৈ যোৱাৰ পিছতো সীমান্তত শাম কটা নাই উত্তেজনা।বিশেষকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ চাবুদাত অব্যাহত আছে  চেপা উত্তেজনা। চাবুদাত অলপতে অসম আৰু মেঘালয় আৰক্ষীৰ মাজত এক বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰি থকা অৱস্থাত খাচী ছাত্ৰ সন্থাৰ এটা দলে অসমৰ ভূমিত প্ৰৱেশ কৰাৰ চেষ্টাক লৈ সৃষ্টি হৈছিল উত্তেজনাৰ।


অৱশ্যে দুয়ো ৰাজ্যৰ আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি  নিয়ন্ত্ৰণ কৰিছিল যদিও আতংকিত সীমান্তবাসী।অৱশেষত সীমান্তৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পশ্চিম কাৰ্বি আংলং জিলা আৰক্ষীৰ বিশেষ পদক্ষেপত দুয়োখন ৰাজ্যৰ ছাত্ৰ সংগঠন তথা আৰক্ষী প্ৰশাসনৰ মাজত অনুষ্ঠিত হৈ যায় এক যুটীয়া বৈঠক।


লগতে ইতিমধ্যে চাবুদা অঞ্চলৰ সীমান্তত  এটা কোম্পানী CRPF মোতায়েন কৰিছে পশ্চিম কাৰ্বি আংলং আৰক্ষী প্ৰশাসনে। আনহাতে  সোমবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ অতিৰিক্ত  আৰক্ষী অধীক্ষক বলিন দেউৰীৰ নেতৃত্বত সীমান্তৰ উমলাফেৰত দুয়োখন ৰাজ্যৰ ছাত্ৰ সংগঠন তথা স্থানীয় লোকৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত কৰা হয়।


সীমান্তত শান্তি বৰ্তাই ৰখাৰ উদ্দেশ্য অনুষ্ঠিত কৰা বৈঠকত সীমান্তবাসীসকল উপস্থিত থাকে। সোমবাৰৰ বৈঠকৰ পিছত পুনৰ মঙলবাৰে ৰিভৈ জিলাৰ আৰক্ষী অধীক্ষকৰ লগত পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক আজাগৌৰান বসুমতাৰীৰ মাজত এক বৈঠক অনুষ্ঠিত হৈ যায়।


মুঠৰ ওপৰত সীমান্তত অব্যাহত থকা উত্তেজনা নিয়ন্ত্ৰণৰ বাবে পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ তৎপৰতাত নিতৌ সীমান্তত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি থকা দেখা গৈছে। ইফালে সীমান্তত সঘনাই বৈঠক চলি থকাৰ পিছত সীমান্তৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি শাম কটা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিছে।

Published by:Gautam Barman
First published: