মেট্ৰিকৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই ফাদিল হোৱা ঘটনাই সমগ্ৰ অসম উত্তাল কৰি ৰখাৰ সময়তে তিতাবৰৰ এইগৰাকী শিক্ষকৰ ভাষ্যই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। দৰাচলতে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকতক লৈ অসমত এটা চক্ৰই ব্যৱসায় চলাই অহাৰ তথ্য তিতাবৰৰ এগৰাকী শিক্ষকে সদৰি কৰিছিল। ইয়াৰ পিছতে যোৰহাট আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰে যদিও শিক্ষকগৰাকীয়ে বিশেষ কোনো তথ্য দিব নোৱাৰিলে। মঙলবাৰে তিতাবৰৰ শিক্ষক বিকি দৌলাক যোৰহাটৰ উচ্চপদস্থ আৰক্ষী বিষয়াই বহু সময় ধৰি শোধপোচ কৰে।
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকতক লৈ অসমত এটা চক্ৰই ব্যৱসায় চলাই আহিছিল আৰু ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। সোমবাৰে বিকি দৌলা নামৰ তিতাবৰৰ এখন বিদ্যালয়ৰ এগৰাকী শিক্ষকে এই তথ্য ৰাজহুৱা কৰিছিল। শিক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে পৰীক্ষাৰ সময়তে এটা চক্ৰ প্ৰশ্নকাকতৰ ব্যৱসায় চলোৱাত সক্ৰিয় হৈ পৰিছিল। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কেমেষ্ট্ৰি বিষয়ৰ হাতেলিখা প্ৰশ্নকাকতখনক লৈ ব্যাপক চৰ্চা চলাৰ পিছতে অধিক সক্ৰিয় হৈ পৰে এই দুষ্টচক্ৰ। ইন্টাৰনেটৰ বিভিন্ন মাধ্যমৰ জৰিয়তে দুষ্টচক্ৰই প্ৰশ্নকাকতৰ খবৰ পৰীক্ষাৰ পূৰ্বেই বিয়পাই দিয়ে। ইয়াৰ পিছত গুগল পে কৰিলেই হোৱাটচ এপত এই চক্ৰই প্ৰশ্ন পথাই দিয়ে। এই প্ৰশ্নকাকতৰ মূল্য পোন্ধৰ শৰ পৰা পোন্ধৰ হাজাৰৰ টকালৈকে আছিল। ইতিমধ্যে বহু ছাত্ৰই এনে প্ৰশ্ন ক্ৰয় কৰি ঠগ খাইছে । কাৰণ এনেদৰে বিক্ৰী কৰা প্ৰায়বোৰ প্ৰশ্ন কাকতেই ভূৱা আছিল। এই কথা সোমবাৰে শিক্ষক বিকি দৌলাই ৰাজহুৱা কৰিছিল। ইয়াৰোপৰি, ৰসায়ন বিজ্ঞানৰ ভাইৰেল প্ৰশ্নকাকত সন্দৰ্ভতো শিক্ষকগৰাকীয়ে মন্তব্য আগবঢ়াইছিল। গুগুল পে'ৰ জৰিয়তে ভুৱা প্ৰশ্ন কাকত ক্ৰয় কৰা ছাত্ৰৰ নিশ্চিত তথ্য আৰক্ষীয়ে বৰ্তমানলৈ লাভ কৰা নাই। অৱশ্যে, আৰক্ষীয়ে এই সন্দৰ্ভত এনে ছাত্ৰৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে।
আনহাতে, উপযুক্ত তথ্য অবিহনে ৰাইজৰ মাজত বিভ্ৰান্তিকৰ বাতৰি বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছে তিতাবৰৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে। ৰাইজক বিভ্ৰান্ত কৰিব পৰা এনে কোনো উৰাবাতৰি নিবিয়পাবলৈ আৰক্ষীয়ে এই শিক্ষকগৰাকীৰ লগতে সকলোকে সকিয়াই দিছে । যোৰহাটৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে কোনো চক্ৰৰ পৰা এনেদৰে প্ৰশ্ন ক্ৰয় কৰা ছাত্ৰ-ছাত্ৰীৰ সন্ধান লাভ কৰাৰ পিছতহে এই ঘটনাৰ অধিক তথ্য লাভ কৰিব পৰা যাব।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 15, 2023, 14:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।