অখিল গগৈৰ গৃহত উপস্থিত হৈ ৰূপজ্যোতি কুৰ্মীয়ে অখিলৰ মাতৃক গামোচা পিন্ধাই, চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে। বিধায়ক কুৰ্মীয়ে অখিলৰ মাকৰ হাতত এটা মিঠাইৰ টোপোলাও তুলি দিয়ে।
অখিল গগৈৰ গৃহত উপস্থিত হৈ ৰূপজ্যোতি কুৰ্মীয়ে অখিলৰ মাতৃক গামোচা পিন্ধাই, চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে। বিধায়ক কুৰ্মীয়ে অখিলৰ মাকৰ হাতত এটা মিঠাইৰ টোপোলাও তুলি দিয়ে।
মৰিয়নি সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী বিধায়ক ৰূপে নিৰ্বাচিত হোৱাৰ পাছত আজি প্ৰথম বাৰৰ বাবে কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈৰ ঘৰত উপস্থিত হয়।
চেলেংহাট লুখুৰাসন গাঁৱৰ অখিল গগৈৰ গৃহত উপস্থিত হৈ বিধায়ক গৰাকীয়ে অখিল মাতৃক গামোচা পিন্ধাই অভিনন্দন জ্ঞাপন কৰাৰ লগতে চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে। বিধায়ক কুৰ্মীয়ে অখিল মাতৃৰ হাতত এটা মিঠাইৰ টোপোলাও তুলি দিয়ে।
বিধায়ক গৰাকীয়ে GMCHত অখিল গগৈক সাক্ষাৎ কৰি পতা কথা-বাৰ্তা বিষয়ে অখিল মাতৃক জনোৱাৰ লগতে অখিলৰ স্বাস্থ্যৰ কথাও অৱগত কৰে।
বিধায়ক ৰূপজ্যোতিৰ মুখেৰে পুত্ৰ অখিলৰ বিষয়ে শুনিবলৈ উদগ্ৰীৱ হৈ পৰা দেখিবলৈ পোৱা যায় প্ৰিয়দা গগৈক।
বিধায়ক কুৰ্মীয়ে কয়, " নিৰ্বাচনৰ পূৰ্বে মাৰ পৰা আশীৰ্বাদ বিচাৰিছিলোঁ আৰু কথা দিছিলোঁ বিজয়ী হোৱাৰ পাছত মই আপোনাৰ কাষলৈ আহিম।মোক পুত্ৰ ৰূপে গণ্য কৰিবলৈ তেওঁক অনুৰোধ জনাইছিলোঁ। আজি মাৰ আশীৰ্বাদ লবলৈ আহিছোঁ।যাতে মৰিয়নি আৰু অসম বাসীৰ বাবে ভালদৰে সেৱা কৰিব পাৰো।"
বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শিৱসাগৰবাসীয়ে জনপ্ৰতিনিধি ৰূপে নিৰ্বাচিত কৰা অখিল গগৈক সমষ্টিবাসীৰ স্বাৰ্থত শীঘ্ৰে মুক্তি দিবলৈ দাবী জনায়।
অখিলৰ মাতৃয়ে বিধায়ক ৰূপে অখিল গগৈ আৰু ৰূপজ্যোতি কুৰ্মী দুয়ো জয়ী হোৱাত সুখী বুলি উল্লেখ কৰি সদায় ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ অনুৰোধ জনায়।
বিধায়ক নিৰ্বাচিত হোৱা পুত্ৰ কেতিয়াকৈ কাৰাগাৰৰ পৰা মুকলি হৈ আহিব তাক লৈ অধিক আগ্ৰহেৰে বাট চাই ৰোৱা বুলি জানিবলৈ দিয়ে অখিল মাতৃ প্ৰিয়দা গগৈয়ে।
উল্লেখ্য যে নিৰ্বাচনৰ সময়ত ৰাইজৰ দলৰ পৰা মৰিয়নি সমষ্টিটো প্ৰাৰ্থিত্ৱ আগবঢ়াইছিল অখিল গগৈয়ে। কিন্তু পিছত অখিল গগৈয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|