ক'ৰোনাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ পৰিছে পৰ্যটন ক্ষেত্ৰতো, পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছে মানাহত...
ইতিমধ্যে বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানতো কমিছে পৰ্যটকৰ সংখ্যা ৷ ক'ৰোনাৰ দ্বিতীয়টো লহৰে প্ৰভাৱ পেলাইছে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰত৷
ইতিমধ্যে বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানতো কমিছে পৰ্যটকৰ সংখ্যা ৷ ক'ৰোনাৰ দ্বিতীয়টো লহৰে প্ৰভাৱ পেলাইছে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰত৷
- News18 Assam
- Last Updated: April 24, 2021, 9:00 AM IST
পৰ্যটন ক্ষেত্ৰসমূহত ক্ৰমান্বয়ে কমিছে পৰ্যটকৰ সংখ্যা ৷ বিগত বৰ্ষত লকডাউনে পৰ্যটন ক্ষেত্ৰসমূহৰ লগত জড়িত ব্যক্তি তথা ৰিজ'ৰ্টৰ মালিকসকলক মাধমাৰ সোধোৱাৰ পিছত পুনৰ ক'ভিডৰ দ্বিতীয় লহৰে প্ৰভাৱ পেলাইছে তেওঁলোকৰ জীৱন-জীৱিকাত ৷ ইতিমধ্যে বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানতো কমিছে পৰ্যটকৰ সংখ্যা ৷ ক'ৰোনাৰ দ্বিতীয়টো লহৰে প্ৰভাৱ পেলাইছে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰত ৷ যাৰ ফলত চিন্তিত হৈ পৰিছে জীপ ছাফাৰীৰ লগতে ৰিজৰ্টৰ লগত জড়িত সকল ৷ কিয়নো পৰ্টকৰ আগমনৰ ওপৰত চলে এইসকলৰ জীৱন- জীৱিকা ৷
ক'ৰোনাৰ দ্বিতীয় লহৰে পৰ্যটকৰ সংখ্যা কমাই অনাত এতিয়া এইসকল লোকৰ জীৱন- জীৱিকালৈ নমাই আনিছে অমানিশা ৷ ইতিমধ্যে বহি: ৰাজ্যৰ পৰ্যটকসকলে বাতিল কৰিছে তেওঁলোকৰ যাত্ৰা ৷ এগৰাকী ৰিজ'ৰ্টৰ মালিকে জানিব দিয়া মতে কৰোনাৰ দ্বিতীয় লহৰে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে পৰ্যটন ক্ষেত্ৰখনত ৷ পৰ্যটকৰ সংখ্যা কমাৰ লগে লগে বিশেষকৈ জীপ ছাফাৰী, গাইদ আদিৰ ওপৰত প্ৰভাৱ পৰিছে ৷ অৱশ্যে যি দুই এটা দল ৰাষ্ট্ৰীয় উদ্যান লৈ আহিছে সেইসকলক ক'ৰোনাৰ ৰেপিড টেষ্ট কৰিহে ভিতৰত প্ৰৱেশ কৰিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই ৷ বাক্সা জিলা স্বাস্থ্য বিভাগৰ এটা চিকিৎসকৰ দলে উদ্যানখনৰ বাঁহবাৰীত পৰ্যটকসকলৰ ক'ৰোনাৰ ৰেপিড টেষ্ট কৰি আহিছে ৷ তথাপি কমিছে দেশীয় পৰ্যটকৰ আগমন ৷ এনে পৰিস্থিতিত কি হ'ব পৰ্যটনৰ লগত জড়িত ব্যক্তিসকলৰ জীৱন- জীৱিকা !












