৪ বছৰ ধৰি গুজৰাটৰ ব্যক্তিগত খণ্ডত সেৱা আগবঢ়োৱা বিৰাজ ২০২০ বৰ্ষৰ কোৰোণাৰ ঢৌতো ঘৰলৈ অহা নাছিল৷
৪ বছৰ ধৰি গুজৰাটৰ ব্যক্তিগত খণ্ডত সেৱা আগবঢ়োৱা বিৰাজ ২০২০ বৰ্ষৰ কোৰোণাৰ ঢৌতো ঘৰলৈ অহা নাছিল৷
কাল মহামাৰী কোৰোণাই নিঃশেষ কৰিলে বোকাখাত বনগাঁৱৰ মুনু বৰাৰ সকলো সপোন৷ পত্নীক সুখী কৰি একমাত্ৰ পুত্ৰক মানুহ কৰাৰ বাবেই গুজৰাটৰ আহমেদাবাদৰ এটা কাফেটেৰীয়াৰ গুডাম ৰক্ষকৰ কামত নিয়োজিত হৈছিল বিৰাজ বৰা নামৰ লোকজন৷ কিন্তু কোভিড–১৯ত আক্ৰান্ত হৈ দুটা বছৰে পত্নী–পুত্ৰৰ মুখ নেদেখাকৈ ২১ এপ্ৰিলৰ নিশা ১০ বজাত মৃত্যুক আঁকোৱালি ল’লে ৪৫ বছৰীয়া বিৰাজ বৰাই৷
কাফেটেৰীয়াটোৰ মালিকৰ আত্মীয় যোৰহাটৰ জনৈক সিঙে এই কথা ফোনযোগে পত্নী মুনু বৰাক অৱগত কৰে৷ নলবাৰীৰ নিবাসী বিৰাজে বনগাঁৱৰ জীয়ৰী মুনু বৰাক বিয়া কৰোৱাৰ পিছত বনগাঁৱৰ পত্নীৰ ঘৰৰ কাষতেই মাটি কিনি নিগাজিকৈ থাকিবলৈ আৰম্ভ কৰিছিল৷ কিন্তু পুত্ৰক সুশিক্ষিত কৰাৰ বাবে পত্নী আৰু পুত্ৰক বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ সমীপৰ ভাড়াঘৰত ৰাখিছিল৷ প্ৰতি পুৱা, প্ৰতি সন্ধিয়া মোবাইলযোগে পত্নী–পুত্ৰৰ খবৰ ৰাখিছিল বিৰাজে৷
৪ বছৰ ধৰি গুজৰাটৰ ব্যক্তিগত খণ্ডত সেৱা আগবঢ়োৱা বিৰাজ ২০২০ বৰ্ষৰ কোৰোণাৰ ঢৌতো ঘৰলৈ অহা নাছিল৷ ব’হাগ বিহুৰ পিছতেই ঘৰলৈ অহাৰ পৰিকল্পনা কৰা বিৰাজ বৰা ১৩ এপ্ৰিলত কোভিড–১৯ত আক্ৰান্ত হোৱাত অহমেদাবাদৰ SSG হাস্পতালৰ কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি হয়৷ পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি হোৱাত তেওঁক ICUত ভৰ্তি কৰে৷ কিন্তু ICUত তেওঁ অন্তিম নিশ্বাস ত্যাগ কৰে৷
মৃত্যুৰ পিছত তেওঁৰ মৃতদেহ কলকাতাৰ দীপু চক্ৰৱৰ্তী নামৰ যুৱক এজনে চমজি লয়৷ পত্নীৰ অনুমতি লৈ তেজৰ সম্পৰ্ক নথকাকৈয়ে দীপুৱে কোভিড প্ৰটকল মানি পিপিই কীট পিন্ধি বিৰাজৰ মুখাগ্নি কৰে৷ শ্মশান কৰ্তৃপক্ষই বোকাখাতত থকা পত্নী মুনু বৰাক অন্ত্যেষ্টিক্ৰিয়াৰ সমগ্ৰ দৃশ্য মোবাইলযোগে প্ৰত্যক্ষ কৰায়৷ স্বামীহীনা মুনুৱে ভৱিষ্যতৰ কথা চিন্তা কৰি চকুলোৰে বাট নেদেখা হৈছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|