মুখ্যপৃষ্ঠা »খবৰ »অসম »পুনৰ বহিঃৰাজ্যত মাজুলীৰ যুৱকৰ ৰহস্যজনক মৃত্যু ! ভকতচাপৰি অঞ্চলৰ ছামগুৰি গাঁৱৰ ভাস্কৰ দাসৰ কেনেকৈ মৃত্য়ু হ'ল ?

পুনৰ বহিঃৰাজ্যত মাজুলীৰ যুৱকৰ ৰহস্যজনক মৃত্যু ! ভকতচাপৰি অঞ্চলৰ ছামগুৰি গাঁৱৰ ভাস্কৰ দাসৰ কেনেকৈ মৃত্য়ু হ'ল ?

কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা মাজুলীৰ ভকতচাপৰি অঞ্চলৰ ছামগুৰি গাঁৱৰ এগৰাকী সৰবৰাহী যুৱক ভাস্কৰ দাসৰ মৃত্যুত সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিছে ।

  • Share this:
কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা মাজুলীৰ ভকতচাপৰি অঞ্চলৰ ছামগুৰি গাঁৱৰ এগৰাকী সৰবৰাহী যুৱক ভাস্কৰ দাসৰ মৃত্যুত সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিছে ।

চাৰি বছৰ পূৰ্বে খহনীয়াগ্ৰস্ত অঞ্চলটোৰ পৰা নিজৰ পিতৃ-মাতৃক পোহপাল দি নিজ ঘৰখনৰ উন্নতিৰ স্বাৰ্থতে কৰ্মসংস্থাপন বিচাৰি হায়দৰাবাদলৈ গৈছিল ভাস্কৰ দাস । অতি বিনয়ী তথা সৰবৰাহী যুবক হিচাপে পৰিচিত ভাস্কৰ দাসে হায়দৰাবাদত এটা ব্যক্তিগত কোম্পানীত ছিকিউৰিটি চুপাৰভাইজাৰ হিচাপে কৰ্মৰত আছিল । কিন্তু যোৱা নিশা নিজ কোঠাতে শুই থকা অৱস্থাত উদ্ধাৰ হয় ভাস্কৰৰ মৃতদেহ । আৰু এই খবৰ পোৱাৰ লগে-লগে ভাস্কৰৰ মাজুলীৰ ঘৰখনত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় । ছামগুৰি গাঁৱৰ লগতে ভকতচাপৰি অঞ্চলৰ ৰাইজে ভাস্কৰৰ মৃত্যুৰ বিষয়ে জানিব পাৰি শোকত ম্ৰিয়মাণ হৈ পৰিছে ।

ভাস্কৰৰ পিতৃয়ে নিজ পুত্ৰৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতে অসুস্থ হৈ পৰে আৰু বৰ্ত্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আনহাতে জেষ্ঠ পুত্ৰক হেৰুৱাই শোকত বিহ্বল হৈ পৰিছে মাতৃ । অঞ্চলবাসী আৰু পৰিয়ালৰ লোকে সান্ত্বনা দিয়াৰ চেষ্টা কৰিছে যদিও মাতৃৰ বুকু শুদা কৰি গুচি যোৱা ভাস্কৰক শেষবাৰ চাবৰ বাবে ব্যাকুল হৈ পৰিছে পিতৃ-মাতৃ ।পৰিয়ালৰ লোক আৰু অঞ্চলবাসীয়ে ভাস্কৰৰ এনে মৃত্যুক সহজভাবে ল'ব পৰা নাই । অঞ্চলবাসীৰ মতে অতি নম্ৰ আৰু কোনো ৰাগিয়াল দ্ৰব্য সেৱন নকৰা ভাস্কৰ দাসৰ এই মৃত্যু সন্দেহজনক আৰু এই মৃত্যুৰ এক উচিত তদন্তও দাবী কৰিছে ।পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে অসম চৰকাৰ, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক ভূবন গামক কাতৰ আহ্বান জনাইছে যাতে ভাস্কৰৰ নিথৰ দেহ মাজুলীলৈ অনাৰ ক্ষেত্ৰত দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়ায় । পিতৃ-মাতৃয়ে শেষ বাৰৰ বাবে যাতে নিজৰ পুত্ৰক চাব পাৰে ।আনহাতে জানিব পৰা মতে ভাস্কৰ দাসৰ মৃত্যুৰ বিষয়ে হায়দৰাবাদ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু মৰোনোত্তৰ পৰীক্ষাৰ প্ৰস্তুতি চলাইছে ।

শেহতীয়া বাতৰি