বন্ধ হ’ব ৰাজ্যৰ সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল, হিমন্ত বিশ্ব শৰ্মাই কি ক’লে?

News18 Assam | News18-Assam
Updated:February 12, 2020, 2:31 PM IST
বন্ধ হ’ব ৰাজ্যৰ সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল, হিমন্ত বিশ্ব শৰ্মাই কি ক’লে?
ফাইল ফটো

ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

  • Share this:
ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অহা চাৰি, পাঁচ মাহৰ ভিতৰত ৰাজ্যত বন্ধ হ’ব সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল। আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শিক্ষাৰ নামত ধৰ্মায় শিক্ষা প্ৰদান বন্ধ কৰাৰ স্বাৰ্থত মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যৰ শিক্ষা বিভাগে।

এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মাদ্ৰাছা আৰু টোল সমূহ হাইস্কুললৈ ৰূপান্তৰ কৰা হ’ব।  মাদ্ৰাছা আৰু টোলৰ শিক্ষকসকলে অৱসৰ পৰ্যন্ত দৰমহা পাই থাকিব। একামাত্ৰ শিক্ষানুষ্ঠানত ধৰ্মীয়  শিক্ষা প্ৰদান বন্ধ কৰাৰ বাবেই লোৱা হৈছে এই সিদ্ধান্ত। অহা চাৰি, পাঁচ মাহৰ ভিতৰতে এই সিদ্ধান্ত কাৰ্যত ৰূপায়ন কৰা হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি