মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Madrassa : জেহাদীৰ লিংকমেন মুফতি মুস্তাফাৰ ঘৰলৈ ২০১৯ চনৰ পৰা বাংলাদেশী জেহাদীৰ আহ–যাহ, মাদ্ৰাছাৰ শিক্ষাৰ্থীক জেৰা আৰক্ষীৰ

Assam Madrassa : জেহাদীৰ লিংকমেন মুফতি মুস্তাফাৰ ঘৰলৈ ২০১৯ চনৰ পৰা বাংলাদেশী জেহাদীৰ আহ–যাহ, মাদ্ৰাছাৰ শিক্ষাৰ্থীক জেৰা আৰক্ষীৰ

এতিয়ালৈকে শনিবাৰে আটক কৰা দুজনকে ধৰি জেহাদীৰ সৈতে জড়িত ১৪জন লোকক আটক কৰা হৈছে।

এতিয়ালৈকে শনিবাৰে আটক কৰা দুজনকে ধৰি জেহাদীৰ সৈতে জড়িত ১৪জন লোকক আটক কৰা হৈছে।

এতিয়ালৈকে শনিবাৰে আটক কৰা দুজনকে ধৰি জেহাদীৰ সৈতে জড়িত ১৪জন লোকক আটক কৰা হৈছে।

  • Share this:
মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া পামৰ জমিৰুল হুদা মাদ্ৰাছাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুফতি মুস্তাফা আহমেদৰ ভেৰভেৰিস্থিত মোমায়েকৰ বাসগৃহৰ লগতে এখন মাদ্রাছাত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীয়ে ভেৰভেৰি ছোৱালী মাদ্ৰাছাৰ শিক্ষক আমিৰ হামজাক সোধা–পোছাৰ বাবে আটক কৰিছে (Assam madrasa comes under jihadi link)।

ধৃত জেহাদী লিংকমেন মুফতি মুস্তাফা আহমেদৰ পত্নী আৰু তেওঁৰ ভাতৃকো সোধা-পোছাৰ বাবে আটক কৰা হয়। মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকে উল্লেখ কৰা মতে, ২০১৯ চনৰ পৰা বাংলাদেশী ব্যক্তিসকল মুফতিৰ ঘৰলৈ আহিছিল। ২০১৯ত ৪জন ব্যক্তি মুফতিৰ ঘৰলৈ আহিছিল, ইয়াৰ ডেৰ বছৰৰ পিছত আৰু তিনিজন ব্যক্তি আৰু ছমাহ আগতে দুজন ব্যক্তি তেওঁৰ ঘৰলৈ আহিছিল।

এই সন্দৰ্ভত সোধাপোছাৰ বাবে মুফতিৰ পত্নী আৰু তেওঁৰ ভাতৃক অসম আৰক্ষীয়ে আটক কৰে। অধিক তথ্য আৰু প্ৰমাণ সংগ্ৰহৰ বাবে তেওঁলোকক আৰক্ষীয়ে জিম্মাত লৈছে।

আৰক্ষী অধীক্ষকৰ মতে, মৰিগাঁও এতিয়ালৈকে তেওঁলোকৰ ঘৰৰ পৰা কোনো আপত্তিজনক বস্তু উদ্ধাৰ হোৱা নাই। তদুপৰি আৰক্ষীয়ে জমিৰুল হুদা মাদ্ৰাছাৰ ৪২ গৰাকী ছাত্ৰ-ছাত্ৰীক দীৰ্ঘসময় ধৰি সোধা–পোছা কৰে। সোধা–পোছাৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হয়।

উল্লেখযোগ্য যে এতিয়ালৈকে শনিবাৰে আটক কৰা দুজনকে ধৰি জেহাদীৰ সৈতে জড়িত ১৪জন লোকক আটক কৰা হৈছিল। ইয়াৰে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।

শেহতীয়া বাতৰি