• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিৰ আশংকা! আজিৰে পৰা অসম এলপিজি ট্ৰান্সপ’ৰ্টাৰৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিৰ আশংকা! আজিৰে পৰা অসম এলপিজি ট্ৰান্সপ’ৰ্টাৰৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

এই ধৰ্মঘটৰ ফলত চুবুৰীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহতো এলপিজি চিলিণ্ডাৰ যোগানৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

এই ধৰ্মঘটৰ ফলত চুবুৰীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহতো এলপিজি চিলিণ্ডাৰ যোগানৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

এই ধৰ্মঘটৰ ফলত চুবুৰীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহতো এলপিজি চিলিণ্ডাৰ যোগানৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

  • Share this:
সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি এল পি জি পৰিবহণকাৰীসকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট। ইয়াৰ ফলত অসমত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱাৰ সম্ভাৱনা আছে। এই ধৰ্মঘটৰ ফলত চুবুৰীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহতো এলপিজি চিলিণ্ডাৰ যোগানৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

নৰ্থ-ইষ্ট পেকড এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েশ্যনে (NEPLTA) আই অ’ চি এলৰ বিষয়াসকলৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হোৱাৰ পিছতো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীক ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।


NELPTAৰ মুখ্য উপদেষ্টা কুমুদ নাথে কয় যে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি আই অ’ চি এলে পূৰ্বৰ এল পি জি চিলিণ্ডাৰ কঢ়িয়াই নিয়াৰ নিবিদা বাতিল কৰিছিল। পৰিবহণকাৰী সংস্থাটোৱে ইয়াকে লৈ আপত্তি কৰিছিল আৰু তাৰ পিছত আইঅ’চিএল আৰু NELPTAৰ মাজত সমস্যা সমাধানৰ উপায় বিচাৰিবলৈ বৈঠক অনুষ্ঠিত হয়।

নাথে অভিযোগ কৰে যে শেহতীয়াকৈ আই অ’ চি এল কৰ্তৃপক্ষই পৰিবহণকাৰী সংস্থাই উত্থাপন কৰা সমস্যাসমূহৰ সমাধান নকৰি বিভিন্ন এল পি জি বটলিং প্লাণ্টৰ বাবে নিবিদা আহ্বান কৰিছিল।

তেওঁ কয় যে আমি আই অ’ চি এলক নিবিদা জাননী বাতিল কৰিবলৈ অনুৰোধ জনাইছিলো যদিও তেওঁলোকৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল। সেয়েহে আমি সোমবাৰৰ পৰা ধৰ্মঘট কৰিবলৈ বাধ্য হৈছো।

পৰিবহণকাৰী সংস্থাটোৱে আৰু অভিযোগ কৰে যে ২০১৪ চনৰ পৰা আইঅ’চিএলে পৰিবহণৰ হাৰ সংশোধন কৰা নাই যাৰ বাবে পৰিবহণকাৰীসকলে আৰ্থিক লোকচান বহন কৰিবলগীয়া হৈছে।

উত্তৰ গুৱাহাটী, তিনিচুকীয়া, গোপনাৰী, সৰপাৰা, বঙাইগাঁও, ডিমাপুৰ, ছেকমাই, শিলচৰ, দুলীয়াজান, নগাঁও, আগৰতলা, বিশালগড় আদিৰ এলপিজি প্লাণ্ট বন্ধ থাকিব এই ধৰ্মঘটৰ সমৰ্থনত।

Published by:Sanjay Kumar Das
First published: