টেট উত্তীৰ্ণ সকললৈ সুখবৰ, ৯,৬৩৫টা নিয়মীয়া শিক্ষক পদৰ বাবে বিচৰা হৈছে আবেদন

News18 Assam | News18-Assam
Updated:January 24, 2020, 12:57 PM IST
টেট উত্তীৰ্ণ সকললৈ সুখবৰ, ৯,৬৩৫টা নিয়মীয়া শিক্ষক পদৰ বাবে বিচৰা হৈছে আবেদন
Source-Google

২৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া।

  • Share this:
ভাল খবৰ! টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ৯,৬৩৫ টা পদৰ বাবে বিচৰা হৈছে আবেদন পত্ৰ। তাৰে ভিতৰত নিম্ন প্ৰথমিক বিদ্যালয়ত ৫,৫১৫ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৪,১২০টা খালী হোৱাৰ বিজ্ঞাপন জাৰি কৰা কৰিছে শিক্ষা বিভাগে। ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া।

১.  আবেদন কৰিবলৈ সাধাৰণ প্ৰাৰ্থীৰ ন্যূনতম বয়স ১৮ বছৰ হোৱাৰ লগতে সৰ্বাধিক ৩৮ বছৰ। সৰ্বাধিক ৪১ বছৰ OBC/MOBCৰ প্ৰাৰ্থীৰ বাবে আৰু ST/SCৰ প্ৰাৰ্থীৰ বাবে সৰ্বোচ্ছ বয়সৰ সীমা ৪৩ বছৰ।

২. যোগ্যতা  থকা প্ৰাৰ্থী টেট উত্তীৰ্ণ হ’ব লাগিব।

৩.আবেদনৰ অন্তিম তাৰিখ ১১–০২–২০২০।
Published by: Himangshu Bhuyan
First published: January 24, 2020, 12:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading