প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অসম অলিম্পিক সন্থাৰো প্ৰাক্তন সভাপতি আছিল।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অসম অলিম্পিক সন্থাৰো প্ৰাক্তন সভাপতি আছিল।
অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত অসম লন বলিং সন্থাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক "ক্ৰীড়া পিতৃ" উপাধি প্ৰদান কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰয়াত তৰুণ গগৈক শেষ শ্ৰদ্ধা জ্ঞাপন কৰি অসম লন বলিং সন্থাই তেওঁলোকৰ সিদ্ধান্ত সন্দৰ্ভত নিউজ১৮ক অৱগত কৰে।
উল্লেখযোগ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৎপৰতাত ২০০৭ চনত গুৱাহাটীত নেছনেল গেমছ অনুষ্ঠিত হৈছিল। সেই সময়তে সৰু সজাইত লন বলিঙৰো অষ্ট্ৰেলিয়ান চিন্থেটিক কৰ্ট স্থাপন হৈছিল। তাৰ বাবেই অসম লন বলিং সন্থাই তৰুণ গগৈক প্ৰদান কৰে "ক্ৰীড়া পিতৃ" উপাধি। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অসম অলিম্পিক সন্থাৰো প্ৰাক্তন সভাপতি আছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|