মঙলবাৰে সন্ধিয়াৰ পৰা অসম সম্পূৰ্ণ ৰূপে ল’ক ডাউন ঘোষণা

News18 Assam | News18-Assam
Updated:March 23, 2020, 5:29 PM IST
মঙলবাৰে সন্ধিয়াৰ পৰা অসম সম্পূৰ্ণ ৰূপে ল’ক ডাউন ঘোষণা
সংবাদমেলত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সংবাদমেলত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

  • Share this:
সকলো জল্পনা কল্পনা অন্ত পেলাই অৱশেষত ৰাজ্যত তলা বন্ধ ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈকে অসম সম্পূৰ্ণ ল’ক ডাউন ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে অত্যাৱশ্যকীয় সেৱা সমূহ চলি থাকিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

গ্ৰ'চাৰী , ফাৰ্মাচী আদি খোলা থাকিব। পেট্ৰ’ল পাম্প, ফাৰ্মাচী, গেলামাল দোকান খোলা থাকিব। অব্যাহত থাকিব বেংক, ট্ৰেজাৰী সেৱা।  উদ্যোগ বন্ধ থাকিব।

দৈনন্দিন কাম কৰা সকলৰ কাৰণে অসম চৰকাৰে দুই এদিনত ব্যৱস্থা গ্ৰহণ কৰিব। ৰেচনৰ চাউল দাইল বিনামূলীয়া কৰাৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

ল’ক ডাউনৰ সময়ত ৰাজপথলৈ আহিব নোৱাৰিব ৰাইজ। নিয়ম ভংগ কৰিলে প্ৰথম অৱস্থাত ৬ মাহ কাৰদণ্ড , পৰৱৰ্তী পৰ্যায়ত ২ বছৰ কাৰাদণ্ড হ'ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি