உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নাজিৰাৰ কণমানি কণ্ঠশিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰৰ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২’

    নাজিৰাৰ কণমানি কণ্ঠশিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰৰ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২’

    কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ‘তোমাৰ মৰমে মোৰ,  দেহত তুলিলে ঢৌ’ শীৰ্ষক জয়ন্ত হাজৰিকাৰ এটি চিৰযুগমীয়া গীত৷

    কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ‘তোমাৰ মৰমে মোৰ,  দেহত তুলিলে ঢৌ’ শীৰ্ষক জয়ন্ত হাজৰিকাৰ এটি চিৰযুগমীয়া গীত৷

    কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ‘তোমাৰ মৰমে মোৰ,  দেহত তুলিলে ঢৌ’ শীৰ্ষক জয়ন্ত হাজৰিকাৰ এটি চিৰযুগমীয়া গীত৷

    • Share this:
    নাজিৰাৰ কণমাণি কণ্ঠশিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২৷  মাত্ৰ চাৰিবছৰ বয়সৰ পৰাই গীত গাই জনপ্ৰিয় হোৱা নাজিৰাৰ কণমানি শিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২ আগবঢ়াইছে৷ কোভিড পৰিস্থিতিৰ বাবে বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত কৰা হোৱা নাই। সেয়েহে  আজি পিএমঅ' আৰু ৰাষ্ট্ৰপতি ভৱনে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে  কণমানি ধৃতিস্মানে অংশগ্ৰহণ কৰিছে৷ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যলয়ত উপস্থিত হৈ কণমানি ধৃতিস্মানে অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে আৰু ব্লকচেইন পদ্ধতিৰে ধৃতিস্মানক প্ৰদান কৰিব মানপত্ৰ৷  এই বঁটাত আছে এটা মেডেল এখন মানপত্ৰ আৰু নগদ একলাখ টকা৷

    কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ‘তোমাৰ মৰমে মোৰ,  দেহত তুলিলে ঢৌ’ শীৰ্ষক জয়ন্ত হাজৰিকাৰ এটি চিৰযুগমীয়া গীত৷ ফুটো নুফুটো মাতেৰেই এটি কণমানিয়ে মাতৃৰ লগত এই চিৰযুগমীয়া গীতটিত কণ্ঠ নিগৰাইছিল৷ দেশত কোভিড অতিমাৰীৰ মাজতে সংগীত সাধনা কৰিয়েই সময় পাৰ কৰিছিল মাতৃ আৰু এই কণমানিটিয়ে৷ কণমানি পুত্ৰ আৰু মাতৃৰ যুগল বন্দী ছচিয়েল মিডিয়াত খুব জনপ্ৰিয় হৈ পৰিছিল। আৰু এই কণমানিটিয়ে ধৃতিস্মান চক্ৰৱৰ্তী৷

    শিৱসাগৰ জিলাৰ নাজিৰাৰ ONGC অসম সম্পদৰ আবাসিক এলেকাৰ বাসিন্দা দেৱজিৎ চক্ৰৱতী আৰু মাতৃ সোনম চক্ৰৱতীৰ পুত্ৰ ধৃতিস্মান৷ ধৃতিস্মানে সুন্দৰ কণ্ঠৰে অসমীয়া, হিন্দী, ইংৰাজী ভাষাত গীত পৰিৱেশন কৰিব পাৰে। মাতৃ সোনম চক্ৰৱতীয়ে নিজ গৃহতেই কণমানি ধৃতিস্মানক সংগীতৰ শিক্ষা প্ৰদান কৰিছে৷ আয়ত্ব কৰিছে বহু জনপ্ৰিয় শিল্পীৰ গীত।প্ৰথমে ছচিয়েল মিডিয়াত ধৃতিস্মান আৰু মাতৃ সোনমে গোৱা এটি গীত আপলোড কৰিছিল৷ আৰু এই গীতটি খুব সোনকালেই জনপ্ৰিয় হৈ পৰে৷ ডেৰবছৰ বয়সৰ পৰাই সংগীতৰ প্ৰতি বিশেষ ধাউতি থকা কণমানি ধৃতিমান চক্ৰৱতীয়ে  অসমীয়া, হিন্দী, ইংৰাজী , বাংলা আৰু সংস্কৃত ভাষাত গীত পৰিবেশন কৰি  নিজ প্ৰতিভাৰ পৰিচয় দিয়াৰ লগতে কমবয়সীয়া বহুভাষিক গায়ক হিচাপে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে৷

    মাত্ৰ পাঁচবছৰ বয়সতে ৭-৮ আঠটা ভাষাৰ প্ৰায় ৭০টা গীত বাণীবদ্ধ কৰিছে ধৃতিস্মান চক্ৰৱৰ্তীয়ে৷ কণমানি ধৃতিস্মান চক্ৰৱৰ্তী ছচিয়েল মিডিয়াটো বহু জনপ্ৰিয়৷ ইয়াৰ উপৰিও অসমীয়া আৰু বাংলা বহুকেইটা জনপ্ৰিয় টেলিভিছনৰ শ্ব’ত অংশগ্ৰহণ কৰিছে ধৃতিস্মান চক্ৰৱৰ্তী৷ মহান ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰো সান্নিধ্য লাভ কৰিছে ধৃতিস্মান চক্ৰৱৰ্তীয়ে৷
    ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বাস শৰ্মায়ো শ্বেয়াৰ কৰিছে কণমানি ধৃতিস্মান চক্ৰৱৰ্তীয়ে পৰিৱেশন কৰা গীত৷
    Published by:Sanjay Kumar Das
    First published: