কণমানি বৰ্ণাৰ প্ৰতিভা দেখিলে আপ্লুত হ’ব আপুনিও, ছচিয়েল মিডিয়াত বুটলিছে প্ৰশংসা, চাওক VIDEO

Sanjay Kumar Das | News18-Assam
Updated:November 24, 2019, 7:26 AM IST
কণমানি বৰ্ণাৰ প্ৰতিভা দেখিলে আপ্লুত হ’ব আপুনিও, ছচিয়েল মিডিয়াত বুটলিছে প্ৰশংসা, চাওক VIDEO
ছচিয়েল মিডিয়াত এই ভিডিঅ’ বহু লোকে শ্বেয়াৰ কৰাৰ লগতে কণমানিজনীক প্ৰশংসাৰে ওপচাই পেলাইছে।

ছচিয়েল মিডিয়াত এই ভিডিঅ’ বহু লোকে শ্বেয়াৰ কৰাৰ লগতে কণমানিজনীক প্ৰশংসাৰে ওপচাই পেলাইছে।

  • Share this:
অসমৰ এগৰাকী কণমানিৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। লখিমপুৰৰ এইগৰাকী কণমানিৰ এটি বক্তৃতাই দিছে কণমানিজনীৰ প্ৰতিভাৰ উমান। ছচিয়েল মিডিয়াত এই ভিডিঅ’ বহু লোকে শ্বেয়াৰ কৰাৰ লগতে কণমানিজনীক প্ৰশংসাৰে ওপচাই পেলাইছে। নামঘৰক লৈ বক্তৃতা প্ৰদান কৰিছে কণমানিজনীয়ে।

বেদান্ত বিকাশ ভূঞাই শ্বেয়াৰ কৰা ভিডিঅ’টোৰ কেপচনত কোৱা হৈছে যে বিদ্যালয়ৰ শনিবৰীয়া চ’ৰাত এইদৰে বক্তৃতা প্ৰদান কৰিছিল বৰ্ণাই। প্ৰথম শ্ৰেণীত পঢ়া বৰ্ণাৰ এই সাৱলীল বক্তৃতাই মুগ্ধ কৰিছে সকলোকে। সকলোৱে কণমানিজনীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি