বজ্ৰপাতে মৃত্যুৰ কাৰণ, ক’লে বনমন্ত্ৰীয়ে। মৃত্যু হোৱা ১৮টাৰ হাতীৰ ভিতৰত ১০টা মতা হাতী আৰু ৮টা মাইকী হাতী। ইয়াৰ ভিতৰত আছে ৪টা পোৱালি হাতী।
বজ্ৰপাতে মৃত্যুৰ কাৰণ, ক’লে বনমন্ত্ৰীয়ে। মৃত্যু হোৱা ১৮টাৰ হাতীৰ ভিতৰত ১০টা মতা হাতী আৰু ৮টা মাইকী হাতী। ইয়াৰ ভিতৰত আছে ৪টা পোৱালি হাতী।
নগাঁৱৰ বামুণী পাহাৰত ১৮টাকৈ হাতীৰ কৰুণ মৃত্যুৰ (Elephants Herd Death) ঘটনাই কেৱল অসমকে নহয় জোকাৰি গৈছে সমগ্ৰ দেশ। প্ৰাৰম্ভিক অনুসন্ধানৰ পাছত বজ্ৰপাতৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সাংবাদিকক জানিবলৈ দিয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
এই কৰুণ ঘটনাটোত মৃত্যু হৈছে ৪টা পোৱালি হাতীৰ। মৃত্যু হোৱা ১৮টাৰ হাতীৰ ভিতৰত ১০টা মতা হাতী আৰু ৮টা মাইকী হাতী আছে বুলি জনাইছে বনবিভাগে। আনহাতে বজ্ৰপাতৰ ফলত ৪ জোপা গছ সম্পূৰ্ণৰূপে জাহ গৈছে।
বঢ়মপুৰৰ তপতজুৰি চাহ বাগিছাৰ সমীপত ১৮টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাৰ কাৰণ সন্দৰ্ভত জানিবলৈ আজি পুৱাই ঘটনাস্থলীত উপস্থিত হয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। বনমন্ত্ৰী গৰাকীয়ে বনবিভাগৰ আটাইকেইগৰাকী উচ্চ পদস্থ বিষয়াৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা অহা বিশেষজ্ঞৰ দল লৈ ঘটনাৰ বুজ লয়।
বনমন্ত্ৰী গৰাকীয়ে প্ৰায় ২ঘণ্টা সময় পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছত বজ্ৰপাতৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে। একেদৰে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা অহা ৪জনীয়া বিশেষজ্ঞৰ দলেও এই ঘটনাৰ প্ৰাৰম্ভিক কাৰণ হিচাপে বজ্ৰপাত বুলিয়েই ধাৰণা কৰে। অৱশ্যে তেঁওলোকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে সবিশেষ জানিব পাৰিব বুলিও সংবাদ মাধ্যমক অৱগত কৰে।
কিন্তু বজ্ৰপাতৰ ফলত ১৮টা হাতীৰ মৃত্যু হোৱা ঘটনাক মানি ল'ব খোজা নাই একাংশ দল-সংগঠনে। একাংশ দল-সংগঠনে ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ নিহিত হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰে। ঘটনাস্থলী পৰিদৰ্শন কৰি উভতি অহা পথতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীক এই ঘটনাৰ উচিত তদন্ত বিচাৰি স্মাৰকপত্ৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। তেঁওলোকে বন্যহস্তীৰ সুৰক্ষাৰ স্বাৰ্থত সেই স্থানত এজিঅ' কোম্পানীৰ শক্তি প্ৰকল্পৰ কাম বন্ধ কৰাৰো দাবী কৰে।
বামুণী পাহাৰত নিৰ্মাণ হ'ব স্মৃতি সৌধ:
বামুণী পাহাৰত সংঘটিত এই কৰুণ ঘটনা নিহত হাতীৰ স্মৃতিৰক্ষাৰ বাবে চৰকাৰে শীঘ্ৰেই এই স্থানত মৃত এটি সুন্দৰ স্মৃতি সৌধ নিৰ্মাণ কৰিব বুলি কয় বনমন্ত্ৰীয়ে। মৃত বন্যহস্তীৰ ওচৰত আঠু লৈ সেৱা জনাই বনমন্ত্ৰী গৰাকীয়ে কয়, "এনে ঘটনা আৰু কেতিয়াও নহওক।"
বনমন্ত্ৰীৰ লগত ঘটনাস্থলী পৰিদৰ্শন কৰি বঢ়মপুৰত বনধ্বংস অভিযান কঠোৰ হাতেৰে দমন কৰা হ'ব বুলি মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে। বিধায়ক গোস্বামীয়ে কয়, "এতিয়াৰ পৰা বঢ়মপুৰৰ বনাঞ্চলত এদালো গছ কাটিবলৈ দিয়া ন'হব।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|