‘খিলঞ্জীয়া অসমীয়াই গ্ৰহণ কৰিব নিবিচৰা কোনো কাৰ্যৰ সমৰ্থন মোৰ বিবেকে নকৰে’

News18 Assam | News18-Assam
Updated:December 12, 2019, 8:43 PM IST
‘খিলঞ্জীয়া অসমীয়াই গ্ৰহণ কৰিব নিবিচৰা কোনো কাৰ্যৰ সমৰ্থন মোৰ বিবেকে নকৰে’
অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধিতা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে

  • Share this:
‘খিলঞ্জীয়া অসমীয়া সকলে গ্ৰহণ কৰিব নিবিচৰা কোনো কাৰ্যৰ সমৰ্থন মোৰ বিবেকে নকৰে। মোৰ সেই স্থিতি আজিও আছে আৰু আগলৈও থাকিব। বিধানসভাৰ সাংবিধানিক মূৰব্বীৰ লগতে মই যোৰহাট বিধানসভাৰ ৰাইজৰ প্ৰতিনিধি। অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে দলীয় ৰাজনীতিৰ উৰ্দ্ধত থাকি নিৰপেক্ষ ভাবে বিধানসভা পৰিচালনা কৰাৰ স্বাৰ্থত মই ৰাজনৈতিক দলত থাকিব নোৱাৰো।’



এনেদৰে পত্ৰ যোগে উল্লেখ কৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে। বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ইতিমধ্যে ৰাজ্যত বৰ্তমান অব্যাহত থকা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে, বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ইয়াৰ পূৰ্বেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি