• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি ৰাণাদাৰ জন্মবাৰ্ষিকী, ওপজা দিনত মহান শিল্পীগৰাকীক স্মৰণ ৰাজ্যবাসীৰ

আজি ৰাণাদাৰ জন্মবাৰ্ষিকী, ওপজা দিনত মহান শিল্পীগৰাকীক স্মৰণ ৰাজ্যবাসীৰ

আজি প্ৰয়াত জয়ন্ত হাজৰিকাৰ ওপজা দিনত 'সুৰবাহিনী'য়ে মহানগৰীৰ চানমাৰিত থকা জয়ন্ত হাজৰিকা উদ্যানত পুৱা ১০ বজাত শিল্পী গৰাকীৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে।

  • Share this:
অসমৰ সংগীত জগতৰ এক বিৰল প্ৰতিভা, মহান সুৰকাৰ, কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ আজি জন্মবাৰ্ষিকী। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মলাভ কৰা জয়ন্ত হাজৰিকাই তেওঁৰ নাতিদীৰ্ঘ জীৱনত অসমীয়া আধুনিক গীতৰ এটি যুগমীয়া ধাৰা সৃষ্টি কৰিছিল। ‘মোৰ মিনতি তৰা হয় যদি’, ‘সুৰাত মগন ভয়াল ৰাতি’, ‘তোমাৰ মৰমে মোৰ’ আদি চিৰসেউজ গীতেৰে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছে শিল্পীগৰাকীয়ে।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৰমৰ ভাতৃ জয়ন্ত হাজৰিকাক ৰাণা দা বুলি সকলোৱে সম্বোধন কৰিছিল। ১৯৭৭ চনৰ ১৫ অক্টোবৰত এই ধৰাৰ মায়া এৰি গুচি যোৱাৰ পিছত এতিয়া তেওঁৰ স্মৃতিকে সাবটি 'সুৰবাহিনী'ক জীয়াই ৰাখি সাংগীতিক যাত্ৰা অব্যাহত ৰাখিছে তেওঁৰ সহধৰ্মিণী মনীষা হাজৰিকা আৰু পুত্ৰ ময়ুখ হাজৰিকাই।

প্ৰয়াত জয়ন্ত হাজৰিকাৰ ওপজা দিনত 'সুৰবাহিনী'য়ে মহানগৰীৰ চানমাৰিত থকা জয়ন্ত হাজৰিকা উদ্যানত পুৱা ১০ বজাত শিল্পী গৰাকীৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। গুৱাহাটীৰ ব্যতিক্ৰম মাছডোৱেও মাছখোৱা 'প্ৰাগজ্যোতি'ত বিয়লি ৪ বজাৰ পৰা জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী উদযাপন কৰিবলৈ লৈছে। তদুপলক্ষে এই অনুষ্ঠানত কলকাতাৰ বিশিষ্ট শিল্পী লোপামুদ্ৰা মিত্ৰক 'জয়ন্ত হাজৰিকা ব্যতিক্ৰম জীৱনজোৰা সাধনা বঁটা' প্ৰদান কৰা হ'ব। জয়ন্ত হাজৰিকাৰ যুগজয়ী গীত আৰু গীতৰ আধাৰত আকৰ্ষণীয় নৃত্যও এই অনুষ্ঠানত পৰিবেশন কৰা হ'ব বুলি ব্যতিক্ৰম মাছডোৰ ফালৰ পৰা জানিবলৈ দিছে।
Published by:Sanjay Kumar Das
First published: