অযোধ্যাত অসমৰ ৰঞ্জিত মণ্ডলৰ ৰামকথা, ৩০০ মূৰ্তিৰে অভিনৱ ৰামায়ণ দৰ্শন

News18 Assam | News18-Assam
Updated:August 3, 2020, 8:55 AM IST
অযোধ্যাত অসমৰ ৰঞ্জিত মণ্ডলৰ ৰামকথা, ৩০০ মূৰ্তিৰে অভিনৱ ৰামায়ণ দৰ্শন
শিলচৰৰ শিল্পী ৰঞ্জিত কুমাৰ মণ্ডলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ৰামায়ণৰ পুত্ৰাৰ্থী যজ্ঞৰ পৰা সীতা হৰণলৈকে বহু ঘটনা ।

শিলচৰৰ শিল্পী ৰঞ্জিত কুমাৰ মণ্ডলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ৰামায়ণৰ পুত্ৰাৰ্থী যজ্ঞৰ পৰা সীতা হৰণলৈকে বহু ঘটনা ।

  • Share this:
অযোধ্যাৰ ৰাম মন্দিৰত আকৌ প্ৰাণ পাই উঠিব ৰামে৷ কেৱল ৰামেই নহয় মূৰ্ত হৈ উঠিব ৰামায়ণত বৰ্ণিত প্ৰায়বোৰ চৰিত্ৰ ৷ আৰু ৰাম মন্দিৰৰ এই নতুন ৰূপৰ সৈতে ৰামকথাৰে জড়িত হৈ আছে অসমৰ এগৰাকী শিল্পী ৷ শিলচৰৰ শিল্পী ৰঞ্জিত কুমাৰ মণ্ডলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ৰামায়ণৰ পুত্ৰাৰ্থী যজ্ঞৰ পৰা সীতা হৰণলৈকে বহু ঘটনা । সৰু বৰ ভিন্ন মূৰ্তিয়ে যেন বৰ্ণনা কৰি গৈছে ৰামায়ণ ৷ ৰাম লক্ষ্মণৰ অস্ত্ৰ শিক্ষা গ্ৰহণ, সীতাৰ সয়ম্বৰ আদিৰ একো একোটা পট ৷ ৰামায়ণৰ কাহিনীৰে সংগতি ৰাখি বিভিন্ন চৰিত্ৰৰ সৈতে শিশু ৰামৰ পৰা কৈশোৰ- যুৱকলৈ বিভিন্ন বয়সৰ ৰামক প্ৰাণ দিয়া হৈছে মূৰ্তিসমূহত ৷ মূৰ্তিসমূহত পাৰ্থক্য আছে । কিন্তু সেয়া হৈছে বয়সৰ পৰিবৰ্তন, সৰুৰ পৰা ডাঙৰলৈ অপৰিবৰ্তিত সুক্ষ্মাতিসুক্ষ্ম চেহেৰা বা দৈহিক বৈশিষ্ঠ সমুহো৷ প্ৰতিটো চৰিত্ৰৰ ক্ষেত্ৰতে একেই কথা ৷ ৰামায়ণৰ মূল কাহিনীৰ।

অনুক্ৰমিকভাৱে মূৰ্তিৰে ৰূপ দিয়া স্থপতি ৰঞ্জিত মণ্ডলৰ ৰামকথাৰ মূৰ্তি সমূহত প্ৰস্ফূতিত হৈছে মানৱীৱ অনুভূতিসমূহ । যেনে সীতাক প্ৰথমবাৰৰ বাবে দেখা ৰামৰ মূৰ্তিটোত লাজ লাজ চাৱনি ৷ এয়াই এগৰাকী শিল্পীৰ, এগৰাকী স্থপতিৰ সুনিপুন হাতেৰে গঢ়লৈ উঠা শিল্প৷

একোটা একোটা চিত্ৰপট সজোৱা হৈছে পাঁচ ছয়টা চৰিত্ৰৰ মূৰ্তিৰে৷ এতিয়ালৈ শতাধিক মূৰ্তিৰে স্থপতি ৰঞ্জিত মণ্ডলে সম্পূৰ্ণ কৰিছে পুত্ৰাৰ্থী যজ্ঞৰ পৰা সীতা হৰণলৈ৷

"মই ভগৱান ৰামৰ জীৱনৰ সৈতে জড়িত পুত্ৰাৰ্থী যজ্ঞৰ পৰা সীতা হৰণলৈকে ১২০ টা মূৰ্তি নিৰ্মাণ কৰিছো । অচিৰেই বাকী ৫০ টা মূৰ্তিৰ কামো সম্পূৰ্ণ হব । এই মূৰ্তিসমূহ ৰামমন্দিৰত আজীৱন থাকিব । ", শিল্পী ৰঞ্জিত মণ্ডলে কয় ।

ৰামমন্দিৰ প্ৰাংগনত শতিকা জুৰি বৰ্তি থাকিব পৰাকৈ এই মূৰ্তিসমূহ নিৰ্মাণ কৰি উলিয়াইছে স্থপতি ৰঞ্জিত মণ্ডলে ৷ পৰম্পৰাগত প্লাষ্টাৰ অৱ পেৰিচ বা চিমেণ্টেই নহয় মৰ্টাৰ আৰু লোহাৰ ৰডেৰে প্ৰতিটো মূৰ্তিকে দিয়া হৈছে দীৰ্ঘায়ু৷

" মোৰ মূৰ্তিসমূহ যুগ যুগ ধৰি বৰ্তি থাকিব পৰাকৈ নিৰ্মাণ কৰোতে কেৱল প্লাষ্টাৰ অব পেৰিছ আৰু ছিমেন্ট ব্যৱহাৰ কৰা হোৱা নাই । ইয়াত মৰ্টাৰ আৰু লোহাৰ ৰড ব্যৱহাৰ কৰা হৈছে । যাতে মূৰ্তিসমূহ শক্তিশালীয়েই নহয় ৰাম কথা কুঞ্জত যুগ যুগ ধৰি একে ৰূপত উদ্ভাসিত হৈ থাকে । ", শিল্পী ৰঞ্জিত মণ্ডলে আৰু কয় ।

শিল্পী ৰঞ্জিত মণ্ডলৰ এয়া এদিন দুদিনৰ পৰিশ্ৰমৰ ফচল নহয় ৷ সাত বছৰ ধৰি শিল্পীগৰাকী ব্যস্ত হৈ আছে ৰামমন্দিৰৰ বাবে ৰামকথা নিৰ্মাণত৷ শেহতীয়াকৈ বিশ্বমহামাৰীৰ লকডাউনেও স্তব্ধ কৰিব পৰা নাই শিল্পীগৰাকীক ৷ লকডাউনৰ মাজতে স্থপতি ৰঞ্জিত মণ্ডলে সম্পূৰ্ণ কৰি উলিয়ালে সীতাহৰণৰ পট ৷

" প্ৰতিটো দৃশ্যতে পাচ-ছয়গৰাকীকৈ চৰিত্ৰ আছে আৰু কেতিয়াবা তাতকৈ বেছিও আছে । পুত্ৰাৰ্থী যজ্ঞৰ পৰা ৰামৰ ৰাজ্যাভিষেকলৈকে এনেকুৱা ৫০ টা পট আছে যি ভগৱান ৰামৰ জীৱনত সঙঘটিত গুৰুত্বপূৰ্ণ ঘটনসমূহক ফুটাই তুলিব পাৰে । ", শিল্পী ৰঞ্জিত মণ্ডলে কয় ।

স্থপতি ৰঞ্জিত মণ্ডলৰ এই শিল্প বিশেষভাৱে নিৰ্মাণ কৰা হৈছে কেৱল অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৷ কিন্তু কাচাৰৰ এটি ভিতৰুৱা অঞ্চল ৰামকৃষ্ণ পল্লীৰ শিল্পী ৰঞ্জিত কুমাৰ মণ্ডলক কোনে বাচি উলিয়ালে এই গুৰু দায়িত্বৰ বাবে !

প্ৰস্তাৱিত ৰাম মন্দিৰত ৰামকথা কুঞ্জৰ স্থাপন কৰাতো আছিল বিশ্বহিন্দু পৰিষদৰ আন্তৰাষ্ট্ৰীয় কাৰ্যবাহী সভাপতি প্ৰয়াত অশোক সিংহলৰ সপোনৰ প্ৰকল্প । ২০০৬ চনতে শিলচৰৰ এখন হস্ত শিল্প কলা সন্মিলনত অশোক সিংহলে তেঁওৰ অভিলাষী সপোনৰ প্ৰকল্প ৰামকথা কুঞ্জৰ কথা জনাইছিল শিল্পী ৰঞ্জিত মণ্ডলক ৷ লগতে এই প্ৰকল্পৰে জড়িত হবলৈ অনুৰোধ জনাইছিল ৷ তাৰ আঁৰতো আছিল আন এক কাৰণ ৷ ২০০৫ চনত স্থপতি ৰঞ্জিত কুমাৰ মণ্ডলে নিৰ্মাণ কৰি উলিয়াইছিল ৰামৰ একলাখ পঁচিছ হাজাৰ মূৰ্তি ৷ বিশ্বহিন্দু পৰিষদে এই মূৰ্তিসমূহ দেশৰ ভিন্ন প্ৰান্তত বিলাই দিয়াৰ লগতে পঠাইছিল ১০খন বিদেশী ৰাষ্ট্ৰলৈও ৷ প্লাষ্টাৰ অৱ পেৰিছৰ এই মূৰ্তি সমূহ ৰঞ্জিত মণ্ডলে ২৫০জন সহযোগীৰ সৈতে প্ৰস্তুত কৰি উলিয়াইছিল মাত্ৰ তিনি মাহত ৷ হয়তো সেইবাবেই কাচাৰৰ শিল্পী ৰঞ্জিত মণ্ডলৰ কান্ধত পৰিছিল ৰামকথা কুঞ্জৰ দৰে অভিলাসী প্ৰকল্পৰ গুৰু দায়িত্ব ৷ স্থাপত্য শিল্পৰ কোনো আনুষ্ঠানিক শিক্ষা নাই ৰঞ্জিত মণ্ডলৰ ৷ ৰঞ্জিত মণ্ডলৰ সৃষ্টি কৰ্মই হৈছে শিল্পীগৰাকীৰ প্ৰতিভাৰ স্বাক্ষৰ ৷ বিশ্বহিন্দু পৰিষদৰ মুখ্য তোৰণত জিলিকি আছে ৰঞ্জিত মণ্ডলে নিৰ্মাণ কৰা ১২ ফুট উচ্চতাৰ হনুমানৰ মূৰ্তি ৷ ত্ৰিনিদাদত তুলসী দাসৰ মূৰ্তি, ৱেষ্ট ইণ্ডিজত গণেশৰ মূৰ্তি ৷ প্ৰতিটোৱেই ৰঞ্জিত মণ্ডলৰ একো একোটা প্ৰতিভাৰ স্বাক্ষৰ৷ 

" ১৯৯৭ চনত আমাৰ টাউনতে অনুষ্ঠিত গান্ধী মেলাত সিঙহলজী আমাৰ বিপনীখনলৈ আহি মোৰ শিল্পকৰ্মসমূহ চাইছিল । তেওঁ মোৰ শিল্পকৰ্মসমূহৰ প্ৰশঙসা কৰিছিল আৰু মোক অযোধ্যালৈ মাতি থৈ গৈছিল । সেইটোৱেই আছিল মোৰ জীৱনৰ টাৰ্নিঙ পইন্ট । আৰু তাৰ পিছত মই অযোধ্যালৈ গলো আৰু ২০০১ চনৰ পৰা ভগৱান ৰামৰ সৈতে জড়িত হৈ পৰিলো । ", শিল্পীগৰাকীয়ে আৰু কয় । 

২০১৩ চনৰে পৰা অসমৰ এই স্থপতিগৰাকীয়ে অযোধ্যাৰ ৬৭ একৰ জোৰা ৰাম মন্দিৰ পৰিসৰত থকা নিজৰ কৰ্মশালাত ৰামলীলাৰে জড়িত বিভিন্ন মূৰ্তি নিৰ্মাণ কৰি আহিছে ৷ এইবোৰ যেন একোটা মূৰ্তি নহয় , একোটা সময়ৰ আবেগ অনুভূতিক ধৰি ৰখা একোটা জীৱন্ত চৰিত্ৰ৷ 

ৰামায়নৰ কাহিনী প্ৰায় সকলোৱেই জানে৷ টেলিভিচনৰ ধাৰাবাহিকৰ পৰা চিনেমালৈ বহুবাৰ প্ৰাণ পাই উঠিছে ৰামায়ণৰ কাহিনী ৷ সকলোৱে মনত কঢ়িয়াই লৈ ফুৰিছে ৰামৰ এক কল্পিত ৰূপ ৷ ৰামকথা কুঞ্জ দৰ্শন কৰি মানুহৰ মনৰ সেই সুক্ষ্ম অনুভূতি যেন পুনৰ জীপাল হৈ পৰে তাৰ প্ৰতি ৰঞ্জিত মণ্ডলে খুবেই সচেতন হৈ কাম কৰিছে ৰামকথা কুঞ্জৰ চৰিত্ৰ নিৰ্মাণত ৷ 

ড° ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়ৰ চিত্ৰকলাত স্নাতকোত্তৰ ৰঞ্জিত মণ্ডলে সৰুতে মাটিৰ পুতলা সাজি খেলিছিল ৷ আৰু মাটিৰে পুতলা সজাৰ সেই হেঁপাহেই পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰি দিলে ৰঞ্জিত মণ্ডলৰ জীৱন জীৱিকা তথা জীৱনৰ উদ্দেশ্য ৷ 

আৰম্ভণিতে ৰঞ্জিত মণ্ডলে গৃহচহৰ শিলচৰ আৰু ৰাজধানী চহৰ গুৱাহাটীৰ বিভিন্ন স্থানৰ বাবে বিভিন্ন মূৰ্তি নিৰ্মাণ কৰিছিল ৷ তেনে এটা মূৰ্তি হৈছে বেদ বিদ্যালয়ৰ শংকৰাচাৰ্যৰ মূৰ্তিটো ৷ দশম শ্ৰেণীত পঢ়ি থাকোতেই বিশ্বহিন্দু পৰিষদৰ আন্তৰাষ্ট্ৰীয় কাৰ্যবাহী সভাপতি অশোক সিংহলৰ পৃষ্ঠপোষকতাত ৰঞ্জিত মণ্ডলে গুৱাহাটীৰ ৰূপনগৰত নিৰ্মাণ কৰিছিল বেদ ব্যাসৰ মূৰ্তি৷ 

অসমৰ ৪২ বছৰীয়া স্থপতি গৰাকীয়ে ৰাম মন্দিৰ হট্টগোলৰ বাবে ২০১৫ আৰু ২০১৬ চনৰ প্ৰথমভাগত কাৰাবাসো খাটিছিল৷

ৰামমন্দিৰৰ ৰামকথা কুঞ্জ নিৰ্মাণত ৰঞ্জিত মণ্ডলে সহযোগিতা লাভ কৰিছে পিতৃ কাঠমিস্ত্ৰী নাৰায়ন চন্দ্ৰ মণ্ডলৰ পৰা ৷ ২০১৫ চনৰ পৰাই পুত্ৰক মূৰ্তি নিৰ্মাণত সহায় কৰি আহিছে পিতৃ নাৰায়ণ মণ্ডলে ৷

" মোৰ পুত্ৰৰ কামক লৈ মই সুখী । মই তেওঁৰ কামত সহায় কৰি দিও । এয়া ভগৱানৰ ইচ্ছা আৰু আমি ভগৱানৰ বাবে যিখিনি পাৰো কৰিছো । ", পিতৃ নাৰায়ণ মণ্ডলে সন্তুষ্টিৰে কয় ।

স্থপতি ৰঞ্জিত কুমাৰ মণ্ডলৰ দীৰ্ঘদিনৰ কষ্ট আৰু গৱেষণাৰ ফচল হৈছে ৰাম কথা কুঞ্জ ৷ আৰু মাত্ৰ দুই এবছৰতে ৰামকথা কুঞ্জৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি আশাবাদী এই অভিলাষী প্ৰকল্পৰ খনিকৰ ৰঞ্জিত কুমাৰ মণ্ডল৷

এইগৰাকী শিল্পীৰ জীৱন যাত্ৰা পিছে মসৃণ নহয়৷ ৰঞ্জিত মণ্ডল সপ্তম শ্ৰেণীত পঢ়ি থাকোতেই পিতৃ পতিত হৈছিল এক দুৰ্ঘটনাত ৷ তেতিয়াৰে পৰা পিতৃৰ দোকানখনৰ দায়িত্ব, পৰিয়ালটোৰ ভৰণপোষনৰ দায়িত্ব পৰিছিল ৰঞ্জিত মণ্ডলৰ ওপৰত ৷ এতিয়া ৰঞ্জিত মণ্ডল অনুভৱ কৰে , "মোৰ সৃষ্টিয়ে মোৰ সম্পদ৷ "

" টকা-পইচা উপাৰ্জনৰ সঙগ্ৰামখন চলি আছে । কিন্তু মোৰ সম্পদ হৈছে মই সৃষ্টি কৰা শিল্পকৰ্মসমূহ , যিসমূহে মিউজিয়াম তথা বহু ঐতিহাসিক স্থানত স্থান লাভ কৰিছে । মই মোৰ শিল্পকৰ্মৰ জৰিয়তে জীৱনটো ভগৱান ৰামৰ ওচৰত উৎসৰ্গিত কৰিছো । মোৰ ভৱিষ্যত জীৱন নিৰ্ভৰ কৰিছে ৰামৰ আশীৰ্বাদৰ ওপৰত । ", ৰঞ্জিত মণ্ডলে কয় ।

ৰামকথা কুঞ্জৰ নিৰ্মাণেই ৰঞ্জিত মণ্ডলৰ একমাত্ৰ লক্ষ্য নহয় , এই প্ৰকল্পৰ অন্তত ৰঞ্জিত মণ্ডলৰ মন অসমৰ বৃদ্ধলোক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে এখন আশ্ৰম নিৰ্মাণ কৰাৰ ৷ য'ত ৰঞ্জিত মণ্ডলে বিলাব অতবছৰে লাভ কৰা অভিজ্ঞতাৰে স্থাপত্য বিদ্যাৰ শিক্ষা৷

" মই ইমান দিনে শিল্পসাধনাৰ যিখিনি জ্ঞান অৰ্জন কৰিলো সেয়া মই আনক প্ৰদান কৰিবলৈ বিচাৰো । তাৰ বাবে মোক চৰকাৰৰ সহায়ৰ প্ৰয়োজন আৰু ভগৱান ৰামৰ আশীৰ্বাদৰ প্ৰয়োজন । ", শিল্পীগৰাকীয়ে কয় ।

এইজনেই হৈছে সপোন বিলাসী ৰঞ্জিত মণ্ডল ৷ সপোনক বাস্তৱত ৰূপ দিয়া ৰঞ্জিত মণ্ডল ৷ যাৰ সপোনে ৰামকথা কুঞ্জহৈ যুগ যুগ ধৰি ৰামায়নৰ পোহৰ বিলাব অযোধ্যাৰ ৰাম মন্দিৰত৷
First published: August 3, 2020, 8:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি