• Home
  • »
  • News
  • »
  • assam
  • »
  • ২৭ অক্টোবৰৰ পৰা পুণেত অনুষ্ঠিত হ'বলগীয়া ৬ষ্ঠ ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপ প্ৰতিযোগিতা ২০২১লৈ ৰাওনা অসম দল...

২৭ অক্টোবৰৰ পৰা পুণেত অনুষ্ঠিত হ'বলগীয়া ৬ষ্ঠ ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপ প্ৰতিযোগিতা ২০২১লৈ ৰাওনা অসম দল...

অহা ২৭ অক্টোবৰৰ পৰা পুণেত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় কুংফু স্কুল গেমছ প্ৰতিযোগিতা ২০২১-লৈ ৰাওনা অসমৰ দল।

অহা ২৭ অক্টোবৰৰ পৰা পুণেত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় কুংফু স্কুল গেমছ প্ৰতিযোগিতা ২০২১-লৈ ৰাওনা অসমৰ দল।

অহা ২৭ অক্টোবৰৰ পৰা পুণেত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় কুংফু স্কুল গেমছ প্ৰতিযোগিতা ২০২১-লৈ ৰাওনা অসমৰ দল।

  • Share this:
ক'ভিডসৃষ্ট পৰিৱেশৰ মাজতেই ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ ভাল দিন। কাৰণ চলিত মাহৰ ২৭ অক্টোবৰৰ পৰা মহাৰাষ্ট্ৰৰ পুণেত অনুষ্ঠিত হ'বলগীয়া ৬ষ্ঠ ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপ প্ৰতিযোগিতা ২০২১-লৈ ৰাওনা হৈছে অসমৰ দল।

কুংফু স্প'ৰ্টছ এচ'ছিয়েচন অৱ আছামৰ তত্বাৱধানত আজি মালিগাঁৱৰ কামাখ্যা ৰে'ল ষ্টেচনৰ পৰা এটি ৬০ জনীয়া দল ৰাওনা হয়। এই দলটোত আছে ৪৪ জনকৈ খেলুৱৈৰ লগতে ১৬ জনকৈ অফিচিয়েল প্ৰশিক্ষক । উল্লেখ্য যে,  ৰে'লযোগে পুণেলৈ ৰাওনা হোৱাৰ পূৰ্বে কুংফু খেলুৱৈসকলক অসম কুংফু স্প'ৰ্টছ এচ'ছিয়েচন অৱ আছামৰ মুখ্য উপদেষ্টা দেৱ প্ৰকাশ ভাগৱতী, কাৰিকৰী সঞ্চালক এল. ৰতন সিঙকে প্ৰমুখ্য কৰি আন আন বিষয়ববীয়াসকলে কামাখ্যা ষ্টেচনত শুভেচ্ছা জ্ঞাপন কৰে। মন কৰিবলগীয়া কথা যে, অসমক প্ৰতিনিধিত্ব কৰা দলটোক নেতৃত্ব দিব এচ'ছিয়েছনৰ সভাপতি চিফু ৰাজকুমাৰ আৰু সাধাৰণ সম্পাদক আজাৰুল আমিনে। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ প্ৰাকমুহূৰ্তত খেলুৱৈসকলক যথেষ্ট উৎসাহী ৰূপত পৰিলক্ষিত হয়। ইফালে, উক্ত প্ৰতিযোগিতাত অসম দলে ৩০টাতকৈ অধিক পদক পাব বুলি ইতিমধ্যে কুংফু স্প'ৰ্টছ এচ'ছিয়েচন অৱ আছামৰ তৰফৰ পৰা আশা প্ৰকাশ কৰা হৈছে। লগতে প্ৰতিযোগিতাৰ অন্তত দলটোৱে এটি স্কুল গেম প্ৰশিক্ষণ শিবিৰতো অংশ ল'ব বুলি তেওঁলোকে জনাইছে।
Published by:Kokil Sarma
First published: