
নিশা ১২ বজাত মৰিগাঁও আৰক্ষীয়ে মানৱ অংগ সৰবৰাহকাৰী মিটু দাসক মৰিগাঁৱলৈ লৈ যায়।
নিশা ১২ বজাত মৰিগাঁও আৰক্ষীয়ে মানৱ অংগ সৰবৰাহকাৰী মিটু দাসক মৰিগাঁৱলৈ লৈ যায়।
দৰঙৰ দলগাঁৱত সক্ৰিয় হৈ আছে মানৱ দেহ অংগৰ ব্যৱসায় লগত জড়িত দালাল চক্ৰ। ৰাজ্যখনত মানৱ অংগ ব্যৱসায়ৰ শিপাডাল নলবাৰী, মৰিগাঁৱৰ পৰা দৰঙৰ দলগাঁও পালেহি। দৰঙৰ দলগাঁৱতো বাহৰ পাতি আছে ভয়ংকৰ দালাল চক্ৰ।
বৃহস্পতিবাৰে নিশা দৰঙৰ উপ–আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত মৰিগাঁও আৰক্ষীয়ে মানৱ অংগ সৰবৰাহ কৰাৰ অভিযোগত দলগাঁও টাউনৰ সমীপত ধেকেৰিগাঁৱৰ নিতু দাস নামৰ এজন অভিযুক্তক আটক কৰে। নিশা ১২ বজাত মৰিগাঁও আৰক্ষীয়ে মানৱ অংগ সৰবৰাহকাৰী নিতু দাসক মৰিগাঁৱলৈ লৈ যায়। অৱশ্যে মৰিগাঁও আৰক্ষীয়ে এইক্ষেত্ৰত বক্তব্য দিয়া পৰা বিৰত থাকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|