মুখ্যপৃষ্ঠা » খবৰ

» অসম

»৫০ লাখ মাস্ক প্ৰস্তুত কৰিব খাদী বৰ্ডে, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকো বিনামূলীয়াকৈ যোগান ধৰাৰ সম্ভাৱনা

৫০ লাখ মাস্ক প্ৰস্তুত কৰিব খাদী বৰ্ডে, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকো বিনামূলীয়াকৈ যোগান ধৰাৰ সম্ভাৱনা

News18 Assam | News18-Assam
Updated:April 29, 2020, 11:30 PM IST
৫০ লাখ মাস্ক প্ৰস্তুত কৰিব খাদী বৰ্ডে, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকো বিনামূলীয়াকৈ যোগান ধৰাৰ সম্ভাৱনা
সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত হৈ আছে ৰাজ্যৰ ডেৰ হাজাৰ শিপিনী

সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত হৈ আছে ৰাজ্যৰ ডেৰ হাজাৰ শিপিনী

  • Share this:
কোৰোণা ভাইৰাছৰ বাবে দেশৰ চাৰিফালে এতিয়া ল’ক ডাউন। অদৃশ্য শত্ৰু কোৰোণা ভাইৰাছক পৰাস্ত কৰিবলৈ এতিয়া  উঠি পৰি লাগিছে স্বাস্থ্য বিভাগৰ লগতে আন আন জৰুৰী সেৱাত জড়িত বিভাগসমূহ। শেহতীয়াভাবে কোৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ ৫০ লাখ মাস্ক প্ৰস্তুত কৰাৰ লক্ষ্য হাতত লৈছে অসম খাদী আৰু গ্ৰাম্যদ্যাগ বিভাগে।

ইতিমধ্যে শুদ্ধ কপাহী সূতাৰ পাঁচ লাখ মাস্ক বিতৰণ কৰিছে খাদী বৰ্ডে। ইয়াৰে ভিতৰত ষ্টেট বেংকে ক্ৰয় কৰিছে ২০ হাজাৰ মাস্ক। স্বাস্থ্য বিভাগকো বৰ্ডে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰিছে। খাদী বৰ্ডৰ অধ্যক্ষ কমলা কলিতাই এই বিষয়ে মন্তব্য কৰি কয় যে '৫০ লাখ মাস্কৰ বাবে বিভাগটোৰ লগত জড়িত শিপিনী সকলে কাম-কাজ আৰম্ভ কৰিছে।সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত হৈ আছে ৰাজ্যৰ ডেৰ হাজাৰ শিপিনী।'

বিদ্যালয় আৰু মহাবিদ্যালয় খোলাৰ পিছত ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ মাস্ক প্ৰদান কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে কলিতাই। আনহাতে ল’ক ডাউনৰ ফলত বিভাগটোৱে প্ৰত্যক মাহে প্ৰায় ৫ লাখ টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।
Published by: Himangshu Bhuyan
First published: April 29, 2020, 11:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি