কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) আন এক বিৰল দৃশ্য। এইবাৰ বাঘৰ জলকেলী অথবা বাঘ আৰু গঁড়ৰ খেদা খেদি নহয়। এইবাৰ কেমেৰাত বন্দী হ'ল ঢেকীয়াপতিয়া বাঘৰ চিকাৰৰ দৃশ্য।
শুক্ৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ নাথ শৰ্মাৰ কেমেৰাত বন্দী হয় এই দৃশ্য। গৱেষণা বিষয়া গৰাকীয়ে জনোৱা মতে, দুপৰীয়া ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলত ঢেকীয়াপতিয়া বাঘটোৱে চিকাৰ কৰে এটা ছাগলী। কঁহৰা বনাঞ্চলৰ দাঁতিকাষৰীয়া গাঁৱৰ পৰা খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা দুটা ছাগলীৰ এটা ছাগলীক বাঘটোৱে হত্যা কৰি ভক্ষণ কৰিবলৈ লৈ যোৱা পৰিলক্ষিত হয়। উল্লেখ যে, বিগত ২৩ বছৰে কাজিৰঙাত গৱেষণা বিষয়া হিচাপে কৰ্তব্য পালন কৰি অহা বিষয়া ৰবীন্দ্ৰ নাথ শৰ্মাই পূৰ্বতেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সততে দেখা নোপোৱা এনে বহু ছবি তুলিবলৈ সক্ষম হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|