• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Flood, Kampur: বছৰৰ দ্বিতীয়টো বানে বিধ্বস্ত কৰিলে কামপুৰৰ বিস্তীৰ্ণ অঞ্চল। ৭০ খনৰো অধিক গাঁও জলমগ্ন।

Assam Flood, Kampur: বছৰৰ দ্বিতীয়টো বানে বিধ্বস্ত কৰিলে কামপুৰৰ বিস্তীৰ্ণ অঞ্চল। ৭০ খনৰো অধিক গাঁও জলমগ্ন।

কঠিয়াতলী-কামপুৰ সংযোগী গড়কাপ্তানী পথটোৰে মনোহৰ গাঁৱৰ পূৰ্বৰ  ছঙা অংশটো পুনৰ ছিঙিলে নিশাৰী নৈ বাঢ়নী পানীয়ে। বন্ধ হৈ পৰিল কঠিয়াতলী আৰু কামপুৰৰ যাতায়ত। 

কঠিয়াতলী-কামপুৰ সংযোগী গড়কাপ্তানী পথটোৰে মনোহৰ গাঁৱৰ পূৰ্বৰ  ছঙা অংশটো পুনৰ ছিঙিলে নিশাৰী নৈ বাঢ়নী পানীয়ে। বন্ধ হৈ পৰিল কঠিয়াতলী আৰু কামপুৰৰ যাতায়ত। 

কঠিয়াতলী-কামপুৰ সংযোগী গড়কাপ্তানী পথটোৰে মনোহৰ গাঁৱৰ পূৰ্বৰ  ছঙা অংশটো পুনৰ ছিঙিলে নিশাৰী নৈ বাঢ়নী পানীয়ে। বন্ধ হৈ পৰিল কঠিয়াতলী আৰু কামপুৰৰ যাতায়ত। 

  • Share this:
বছৰৰ দ্বিতীয়টো বানে তচনচ কৰিলে কামপুৰৰ বিস্তীৰ্ণ অঞ্চল। খানদাঙৰ গেট খুলি দিয়াৰ ফলত কপিলী নৈৰ জলপৃষ্ঠ ওফন্দি উঠি বুৰাই পেলাইছে কামপুৰৰ বিভিন্ন অঞ্চল। কামপুৰ-যমুনামুখ সংযোগী পথটোৰ ওপৰৰে  পানী বাগৰাত যোগাযোগ সম্পূৰ্ণৰূপে বিছিন্ন  হৈ পৰিছে । ওখ ঠাইলৈ ঢাপলি মেলা দেখা গৈছে গঞাক।

বছৰৰ প্ৰথমটো বানৰ কবলৰ পৰা পৰিত্ৰাণ নাপাওতেই পুনৰ কামপুৰৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে । কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পতিয়াপাম, দেউৰী গাঁও, চাংচকী, গোসাঁইগাঁও, চাইবুক গাঁও, বকলুগুৰি, নলাপাৰা, কচুৱা, নিজ নাৰকলি, বাৰেগোগাকে ধৰি  ৭০খনতকৈও অধিক ৰাজহ গাঁও বৰ্তমান পানীৰ তলত।

ইখনৰ পিছত সিখন গাঁও বুৰ গৈছে পানীৰ তলত ।  হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত। ঘৰৰ ভিতৰত এবুকু, এককাল পৰ্যন্ত পানী। ৰেলৰ আলিতে আশ্ৰয় গ্ৰহণ কৰিবলগা হৈছে বন্যাৰ্তসকল। খাদ্য সংকটত ভুগিছে বন্যাৰ্তসকলে ।পশুধনৰ বিলাই বিপত্তি নোহোৱা হৈছে।

ইপিনে  কামপুৰ-ৰহা সংযোগী পথটো ওপৰৰে  পানী বাগৰাৰ লগতে নিজ নাৰকলি, বাৰেগোগাকে ধৰি বিভিন্ন অঞ্চল এতিয়া পানীৰ তলত । ঘৰ-দুৱাৰ, সা-সম্পত্তি এৰি ওখ ঠাইলৈ ঢাপলি মেলা দেখা গৈছে গঞাক। আনহাতে শেহতীয়াকৈ নিশা পুনৰ  নিশাৰী নৈৰ বানে কামপুৰৰ মনোহৰ গাঁৱত ছিঙিল কামপুৰ-কঠিয়াতলী সংযোগী পথটো। উল্লেখযোগ্য যে বছৰৰ প্ৰথমটো বানত কঠীয়াতলী-কামপুৰ সংযোগী পথটো মনোহৰ গাঁৱত বানে ছিঙি নিছিল বৃহৎ এটা অংশ। পথটোৰ পুলটো বাঢ়নী পানীয়ে ছিঙি নিয়াত কঠীয়াতলী আৰু কামপুৰৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছিল। পৰবৰ্তী সময়ত পানী কমাত পথটোৰ সেই অংশত অস্থায়ী ভাবে এখন দলং নিৰ্মাণ কৰাৰ লগতে কাষত মাটিৰে এটা পথ নিৰ্মাণ কৰা হৈছিল।কিন্তু  এমাহৰ ভিতৰতে অহা দ্বিতীয়টো বানত পুনৰ পথৰ ওপৰেদি পানী বাগৰাত অস্থায়ী ভাবে নিৰ্মাণ কৰা পথটোৰ ছিঙা অংশটো পুনৰ ছিঙি নিয়ে।

ইতিমধ্যে কঠিয়াতলী-কামপুৰ সংযোগী পথটোৰ যাতায়ত সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে। ফলত অধিক ভয়াৱহ হোৱাৰ দিশে কামপুৰৰ বান পৰিস্থিতি।
Published by:Manjumoni Borah
First published: