মুখ্যপৃষ্ঠা »খবৰ »অসম »বছৰটোৰ ৩৬৫ দিনত কেৱল এটা দিনৰ বাবেহে প্ৰকট হোৱা এটা শিৱলিংগ, অসমৰ ক'ত আছে এই শিৱলিংগ?

বছৰটোৰ ৩৬৫ দিনত কেৱল এটা দিনৰ বাবেহে প্ৰকট হোৱা এটা শিৱলিংগ, অসমৰ ক'ত আছে এই শিৱলিংগ?

বছৰটোৰ বাকী সময়খিনি অৰ্থাৎ ৩৬৪ দিনেই এই শিৱলিংগ পানীৰ তলত লুকাই থাকে।

বছৰটোৰ বাকী সময়খিনি অৰ্থাৎ ৩৬৪ দিনেই এই শিৱলিংগ পানীৰ তলত লুকাই থাকে।

বছৰত মাত্ৰ এবাৰহে ভক্তই পূজা কৰিব পৰা এটা শিৱলিংগ। অসমত এনে এক শিৱলিংগ আছে আছে, যাৰ বিষয়ে অধিকাংশ লোকেই অৱগত নহয়।

  • Share this:

বছৰটোৰ ৩৬৫ দিনৰ ভিতৰত কেৱল এটা দিনৰ বাবেহে প্ৰকট হোৱা এটা শিৱলিংগ। বছৰত মাত্ৰ এবাৰহে ভক্তই পূজা কৰিব পৰা এটা শিৱলিংগ। অসমত এনে এক শিৱলিংগ আছে আছে, যাৰ বিষয়ে অধিকাংশ লোকেই অৱগত নহয়।


কামৰূপৰ পামোহিৰ ডাকিনী পাহাৰত থকা 'ভীমশংকৰ' শিৱলিংগ ষষ্ঠ বা দ্বাদশ জ্যোতিৰ্লিংগ হয় নে নহয় সেই লৈ ৰাজ্যত বিতৰ্ক হৈ থকাৰ সময়তে আমি আপোনালোকক জনাব বিচাৰিছো এনে এক শিৱলিংগৰ কথা, যি কেৱল বছৰটোৰ এটা দিনতহে ভক্তৰ দৰ্শনৰ বাবে প্ৰকট হয়। এই শিৱলিংগ পূজাস্থলীলৈ অহা ভক্তসকলে বছৰটোৰ মাত্ৰ এটা দিনতহে লিংগটো এবাৰ দৰ্শন কৰিব আৰু পূজা কৰিব পাৰে। বছৰটোৰ সেই পবিত্ৰ দিনটি হৈছে মহাশিৱৰাত্ৰিৰ শুভ দিনটি। বছৰটোৰ বাকী সময়খিনি অৰ্থাৎ ৩৬৪ দিনেই সেই শিৱলিংগ পানীৰ তলত লুকাই থাকে।


গুৱাহাটীৰ নীলাচল পাহাৰস্থিত কামাখ্যা মন্দিৰলৈ প্ৰায় সকলোৱেই গৈছে যদিও কামাখ্যা মন্দিৰ চৌহদতে অৱস্থিত এই শিৱলিংগৰ অস্তিত্বৰ বিষয়ে অধিকাংশই অজ্ঞাত। কামাখ্যা মন্দিৰৰ কাৰ্যালয় ভৱনৰ পৰা কেইফুটমান পিছফালে পাপমোচন কুণ্ড (পুখুৰী) আৰু এই পুখুৰীটোৰ ঠিক তলত যিটোক 'মৰাকুণ্ড' বুলিও কোৱা হয় সেইটোৱেই হৈছে আমি আপোনালোকক অৱগত কৰা শিৱ লিংগটি। বছৰৰ ৩৬৪ দিনেই এই কুণ্ড পানীৰে ভৰি থাকে যাৰ ফলত গোটেই বছৰটো শিৱলিংগটো পানীত ডুবি থাকে।



উল্লেখযোগ্য যে, শিৱৰাত্ৰিৰ আগদিনা কুণ্ডৰ পানী পাম্প কৰি উলিয়াই দিয়া হয় যাৰ ফলত ভক্তসকলৰ বাবে পানীৰ তলৰ শিৱলিংগ প্ৰকট হয়। শিল আৰু পাথৰৰে নিৰ্মিত এই ৩০ৰ পৰা ৩৫ ফুট দ কুণ্ডৰ পৰা নামি বহুতে পিন্নকেশ্বৰ আৰু কিছুমানে পেনেশ্বৰ বুলি কোৱা শিৱ লিংগক প্ৰাৰ্থনা কৰিবলৈ যায়।


মন্দিৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, এক লোকবিশ্বাস আছে যে কুণ্ডত বুৰ মাৰিলে পূৰ্বৰ জীৱনৰ পাপ খণ্ডন হয় গতিকে ইয়াক পাপমোচন কুণ্ড নামৰে জনা যায়। আন এক লোকবিশ্বাস অনুসৰি, বিকৃত, ওঁঠ ফাটি যোৱা আৰু বিভিন্ন ৰোগ থকা শিশুৱে এই কুণ্ডত গা ধুলে আৰোগ্য লাভ কৰে।


মন্দিৰ কৰ্তৃপক্ষৰ কুণ্ডটোত উপস্থিত ব্যক্তিয়ে জনাইছিল যে পুখুৰীটো পুনৰ মুখলৈকে ভৰ্তি হ’বলৈ প্ৰায় তিনিদিন সময় লাগিব আৰু তাৰপিছত শিৱলিংটো আৰু এবছৰৰ বাবে কুণ্ডৰ পানীত ডুব যাব আৰু পুনৰ পৰৱৰ্তী শিৱৰাত্ৰিতহে ভক্তই আকৌ দৰ্শন কৰিব পাৰিব।


জানিব পৰা অনুসৰি, বছৰত এবাৰ এই শিৱ মন্দিৰটো দৰ্শন কৰা একান্ত ভক্তসকলে কয় যে, ইয়াত এক আধ্যাত্মিক আকৰ্ষণ আৰু কোনো ধৰণৰ ৰহস্যময় শক্তিশালী সংযোগ আছে। কাৰণ কামাখ্যা শক্তিৰ দেৱী আৰু তান্ত্ৰিক বিশ্বাসৰ পীঠস্থান। স্থানীয় লোকে প্ৰকাশ কৰে যে এই বিশেষ শিৱলিংগটি প্ৰাচীন কালৰ লিংগ আৰু কামকায়াৰ অস্তিত্বৰ পৰাই ইয়াত বিৰাজমান হৈ আছে।

শেহতীয়া বাতৰি